অসম

assam

ETV Bharat / state

একাংশৰ বাবে সোণৰ কণী পৰা হাঁহ হৈছে নেকি অৰুণোদয় আঁচনি !

পলাশবাৰী সমষ্টিৰ ৩১ নম্বৰ নহিৰা গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ ৷ ৰাইজে ঘেৰাও কৰিলে বিজেপিৰ ৱাৰ্ড মেম্বাৰৰ ঘৰ । শূন্য সহনশীলতাৰ শ্ল’গান আওৰোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বীন বিজেপি চৰকাৰখনৰ ছত্ৰছাঁয়াতে গেৰুৱাকৰণ কৰা হৈছে অৰুণোদয় আঁচনি ।

By

Published : Nov 7, 2020, 9:55 AM IST

Arunodoy scheme
Arunodoy scheme

আজাৰা, 7 নবেম্বৰ : অৰুণোদয় আঁচনিৰ নামত পলাশবাৰীত সমষ্টিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ । বিজেপিয়ে গেৰুৱাকৰণ কৰি বঞ্চিত কৰিলে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰা বুলি অভিযোগ তুলিছে একাংশ লোকে । প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে বিজেপিৰ ৱাৰ্ড মেম্বাৰৰ সম্পৰ্কীয়লোকৰ পৰা ধনী ব্যক্তিৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত সোমোৱাৰ তথ্য পোহৰলৈ আহিছে ।

অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ

শূন্য সহনশীলতাৰ শ্ল’গান আওৰোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বীন বিজেপি চৰকাৰখনৰ ছত্ৰছাঁয়াতে গেৰুৱাকৰণ কৰা হৈছে অৰুণোদয় আঁচনি । যোগ্য ব্যক্তিৰ পৰিৱৰ্তে অযোগ্য ব্যক্তিৰহে নাম অন্তৰ্ভুক্ত হৈছে অৰুণাদয় আচঁনিৰ তালিকাত । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে পলাশবাৰীৰ ৩১ নম্বৰ নহিৰা গাঁও পঞ্চায়তত এই আঁচনিৰ নামত বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে ।

প্ৰকৃত প্ৰাপ্য হিতাধিকাৰী দৰিদ্ৰলোকৰ লগতে বিশেষভাৱে সক্ষম শিশুৰ পিতৃ-মাতৃক এলাগি কৰি একাংশ বিজেপিৰ নেতা-পালিনেতাই ক্ষমতাত বলিয়ান হৈ দলীয় আৰু সম্পৰ্কীয়লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ ৷ আনকি অংগনবাড়ী কৰ্মীৰ লগতে চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ সদস্যৰো নাম অন্তৰ্ভুক্ত কৰি তালিকা প্ৰস্তুত কৰা বুলি জনাইছে একাংশ লোকে । যাৰবাবে শুকুৰবাৰে নহিৰাত বিজেপিৰ ৱাৰ্ড মেম্বাৰ অঞ্জু দাসৰ ঘৰ ঘেৰাও কৰি ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । আনহাতে ৰাইজে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ বাবে ৱাৰ্ড মেম্বাৰ অঞ্জু দাসৰ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজৰা পৰিলক্ষিত হয় ।

প্ৰশ্ন উঠিছে যে, প্ৰকৃততে অৰুণোদয় আঁচনি ৰাজ্যজুৰি কৰা হ’ল নেকি গেৰুৱাকৰণ । প্ৰাপ্য হিতাধিকাৰীক বঞ্চিত কৰি একাংশ দলীয় কৰ্মীৰ সম্পৰ্কীয়লোকৰ বাবেহে অৰুণোদয় আঁচনিৰ সফল ৰূপায়ণ হ’ল নেকি । এই আঁচনিৰ জড়িয়তে বিজেপিৰ অৰুণ উদয় নহৈ অৰুণ অস্তহে হ’ব নেকি সমাগত বিধানসভা নিৰ্বাচনত । কিয়নো উজনিৰ পৰা নামনিলৈ ভিন্ন স্থানত এই আঁচনি খনৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উৎত্থাপিত হৈ আহিছে ৷

লগতে পঢ়ক :সোণৰে কামাখ্যা মন্দিৰ সজোৱাৰ পদক্ষেপ ৰিলায়েঞ্চ গ্ৰুপৰ

ABOUT THE AUTHOR

...view details