অসম

assam

ETV Bharat / state

ছয়গাঁৱৰ চাম্পুপাৰাত অবৈধ কাঠফলা মিল জব্দ

ছয়গাঁৱৰ গৰৈমাৰীৰ চাম্পুপাৰাত অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগ(Forest Department)ৰ অভিযান । বুধবাৰে পুৱা বন বিভাগে অভিযান চলাই জব্দ কৰে তিনিটা কাঠফলা মিল(Saw mill) । পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া ৰঞ্জিত কোঁৱৰৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে অভিযান চলায় চাম্পুপাৰাত ।

Saw mill seized at Chaygaon
চামপুপাৰাত অবৈধ কাঠ ফলা মিল জব্দ

By

Published : Jun 16, 2021, 12:36 PM IST

ছয়গাঁও, ১৬ জুন: অবৈধ কাঠ ব্যৱসায়ীক নাকী লগাবলৈ তৎপৰ হৈছে বন বিভাগে(Forest Department) । বুধবাৰে পুৱা ছয়গাঁৱৰ গৰৈমাৰীৰ চাম্পুপাৰাত তিনিটা অবৈধ কাঠফলা মিল(Saw mill) জব্দ কৰে বন বিভাগে । অভিযানকাৰী দলটোৱে কাঠমিলৰ পৰা জব্দ কৰা সামগ্ৰীবোৰ বামুণীগাঁৱত থকা বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায় ৷

অৱশ্যে এই অভিযানত অবৈধ কাঠ জব্দ হোৱা নাই । পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া ৰঞ্জিত কোঁৱৰ(Ranjit Konwar)ৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে এই অভিযান চলায় । উল্লেখ্য যে, পশ্চিম কামৰূপ বন সংমণ্ডলত বন সংমণ্ডল বিষয়া হিচাপে যোগদান কৰাৰ পিছত ৰঞ্জিত কোঁৱৰৰ এইটো প্ৰথম সফল অভিযান ৷

লগতে পঢ়ক:হোজাইত কেশৱ মহন্ত(KESHAB MAHANTA)ৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details