অসম

assam

By

Published : Feb 21, 2021, 11:45 AM IST

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা বিত্ত মন্ত্ৰী নে চাইকেল মন্ত্ৰী: ৰকিবুল হুছেইন

শনিবাৰে বকোৰ ভালুকঘাটা আৰু বন্দাপাৰাত কংগ্ৰেছ দলে অনুষ্ঠিত কৰিছে 'অসম বচাওঁ আহক' শীৰ্ষক দুখনকৈ সভা ৷ এই কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, কংগ্ৰেছ দলৰ মুখপাত্ৰ মীৰা বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মানস বৰাৰ লগতে দলীয় কৰ্মকৰ্তা তথা স্থানীয় ৰাইজ ৷

বকোত কংগ্ৰেছ দলৰ 'অসম বচাওঁ আহক' কাৰ্যসূচী
বকোত কংগ্ৰেছ দলৰ 'অসম বচাওঁ আহক' কাৰ্যসূচী

বকো, 21 ফেব্ৰুৱাৰীঃ সমাগত 2021ৰ অসম বিধান সভাৰ নিৰ্বাচন ৷ নিৰ্বাচনী ৰণডংকা বজাবলৈ তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজতো ৷ শনিবাৰে বকোৰ ভালুকঘাটা আৰু বন্দাপাৰাত কংগ্ৰেছ দলে অনুষ্ঠিত কৰিছে 'অসম বচাওঁ আহক' শীৰ্ষক দুখনকৈ সভা ৷ এই কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, কংগ্ৰেছ দলৰ মুখপাত্ৰ মীৰা বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মানস বৰাৰ লগতে দলীয় কৰ্মকৰ্তা তথা স্থানীয় ৰাইজ ৷

বকোত কংগ্ৰেছ দলৰ 'অসম বচাওঁ আহক' কাৰ্যসূচী

বকোত অনুষ্ঠিত কংগ্ৰেছ দলৰ 'অসম বচাওঁ আহক' কাৰ্যসূচীৰ পৰাই মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিলে একালৰ বন্ধু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ হিমন্তৰ চাইকেল চলোৱা ৰাজনীতি কৰিবলৈ গৈ হেলিকপ্তাৰৰ ভাড়া ৩০ লাখ টকা পৰ্যন্ত ব্যয় কৰে ৷ হিমন্ত বিশ্ব শৰ্মা বিত্ত মন্ত্ৰী নে চাইকেল মন্ত্ৰী বুলি ৰাইজক প্ৰশ্ন কৰাৰ লগতে এই সমূহ ভণ্ডামিসমূহ বন্ধ কৰাৰ বাবে কংগ্ৰেছে অসম বচাও অভিযান আৰম্ভ কৰিছে বুলি মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী নে চাইকেল মন্ত্ৰীঃ ৰকিবুল হুছেইন

উল্লেখ্য যে, কংগ্ৰেছৰ 'অসম বচাওঁ আহক' শীৰ্ষক কাৰ্যসূচীতেই ‘কা’ আইনৰ বিৰুদ্ধেও বকোবাসী গৰজি উঠা পৰিলক্ষিত হয় ৷

বকোত কংগ্ৰেছ দলৰ 'অসম বচাওঁ আহক' কাৰ্যসূচী

লগতে পঢ়কঃকোকৰাঝাৰত বিজেপিৰ 100+ মিছন অভিযান

ABOUT THE AUTHOR

...view details