বকো, 19 চেপ্তেম্বৰ: শনিবাৰে গোৱালপাৰা জিলাৰ ধূপধৰাৰ নাওকাটা সত্ৰত উপস্থিত হয় বিতৰ্কৰ আবৰ্তত থকা বিজেপি নেতা সত্যৰঞ্জন বৰা ৷ নাওকাটা সত্ৰত উপস্থিত হৈ নেতা গৰাকীয়ে পুনৰ জেহাদকে ধৰি হালাল কৰা মাংসক কেন্দ্ৰ কৰি কৰিলে মন্তব্য ৷ তেওঁৰ মন্তব্য এটা বিশেষ সম্প্ৰদায়ৰ লোকে নিজৰ ধৰ্ম ৰক্ষা কৰি হালাল কৰা মাংস বিক্ৰী কৰিছে ৷ তেওঁলোকে যদি নিজৰ ধৰ্ম ৰক্ষাৰ স্বাৰ্থত তেনে কাম কৰিব পাৰে তেন্তে আমি কিয় নিজৰ ধৰ্ম ৰক্ষাৰ স্বাৰ্থত হালাল কৰা মাংস পৰিহাৰ কৰিব নোৱাৰো বুলি তেওঁ সংবাদ মাধ্যমযোগে মন্তব্য কৰে ৷
কাক পৰজীৱী আৰু মেৰুদণ্ডহীন বুলি মন্তব্য কৰিলে সত্যৰঞ্জন বৰাই ?
"এটা বিশেষ সম্প্ৰদায়ৰ লোকে নিজৰ ধৰ্ম ৰক্ষা কৰি হালাল কৰা মাংস বিক্ৰী কৰিছে ৷ তেওঁলোকে যদি নিজৰ ধৰ্ম ৰক্ষাৰ স্বাৰ্থত তেনে কাম কৰিব পাৰে তেন্তে আমি কিয় নিজৰ ধৰ্ম ৰক্ষাৰ স্বাৰ্থত হালাল কৰা মাংস পৰিহাৰ কৰিব নোৱাৰো ৷" ধূপধৰাৰ নাওকাটা সত্ৰত উপস্থিত হৈ এই মন্তব্য কৰে বিজেপি নেতা সত্যৰঞ্জন বৰাই ৷
সত্যৰঞ্জন বৰা
আনহাতে, মুছলমান সম্প্ৰদায়ৰ লোকক পৰজীৱী, মেৰুদণ্ডহীন বুলিও উল্লেখ কৰি বৰাই কয় যে, তেওঁলোকে মিছা পৰিচয়েৰে হিন্দু ছোৱালী এগৰাকীক নিজৰ কবললৈ আনে ৷ ভুৱা পৰিচয় দি তেওঁলোকে লাভ জেহাদ সংঘটিত কৰি আছে বলিও উল্লেখ কৰে তেওঁ ৷ ধৰ্মান্তকৰণ কোৰাণত লিখি থোৱা হৈছে ৷ সেইয়া অন্ততঃ অসমত হ'ব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে ৷
লগতে পঢ়ক:সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে সৰৱ দৰং জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ