অসম

assam

ETV Bharat / state

সঘনে সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট

কংগ্ৰেছৰ বৈঠক চলি থকা সময়তে হোটেল তাজ ভিভাণ্টাত প্ৰৱেশ কৰে অগপৰ টিকট বঞ্চিত বিধায়ক সত্যব্ৰত কলিতা ৷ কমলপুৰ সমষ্টিত এইবাৰ অগপৰ মিত্রদল বিজেপিয়ে দিগন্ত কলিতাক প্ৰাৰ্থিত্ব দিয়াত টিকট লাভৰ পৰা বঞ্চিত হয় বিধায়ক গৰাকী । ইয়াৰ পিছতেই দেওবাৰে কংগ্ৰেছ দলত যোগদান কৰে বিধায়ক সত্যব্ৰত কলিতাই ৷

as_ghy_satyabrat-kalita-joins-congress_vis_7209925
সঘনে সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট

By

Published : Mar 7, 2021, 1:06 PM IST

গুৱাহাটী,7 মাৰ্চ: সঘনে সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট । শনিবাৰে গুৱাহাটীৰ তাজ ভিভাণ্টাত কংগ্ৰেছ মিত্ৰজোঁটে বৈঠকৰ অন্তত প্ৰথম পৰ্যায়ৰ 40 টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷ কিন্তু তালিকা প্ৰকাশৰ পিছতো দলটোত দেখিবলৈ পোৱা গৈছে মনোমালিন্য ৷

এআইইউডিএফ-ৰ লগত মত বিৰোধ হোৱাৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় অলপ অসন্তুষ্টি থকাটো স্বাভাৱিক ৷ আলোচনাৰ মাধ্যমেৰে সকলো সমাধান কৰা হ’ব ৷ ইয়াৰ উপৰিও সুস্মিতা দেৱৰ অসন্তুষ্টি সন্দৰ্ভত কয় "সুস্মিতা দেৱৰ অসন্তুষ্টি থকাটো স্বাভাৱিক কথা । বৰাকৰ ১৫ খন আসনৰ ভিতৰত এআইইউডি এফৰ দখলত থকা আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমাৰ অলপ অসুবিধা হৈ আছে । সেই বাবে অলপ অসন্তুষ্টি থাকিবই"।

সঘনে সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট

আনহাতে, কংগ্ৰেছৰ বৈঠক চলি থকা সময়তে হোটেল তাজ ভিভাণ্টাত প্ৰৱেশ কৰে অগপৰ টিকট বঞ্চিত বিধায়ক সত্যব্ৰত কলিতা ৷ কমলপুৰ সমষ্টিত এইবাৰ অগপৰ মিত্রদল বিজেপিয়ে দিগন্ত কলিতাক প্ৰাৰ্থিত্ব দিয়াত টিকট লাভৰ পৰা বঞ্চিত হয় বিধায়কগৰাকী । ইয়াৰ পিছতেই দেওবাৰে কংগ্ৰেছ দলত যোগদান কৰে বিধায়ক সত্যব্ৰত কলিতাই ৷ ইয়াৰ উপৰিও টিকট বঞ্চিত অগপৰ প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে অন্য বিধায়কৰ সৈতেও আলোচনা চলি থকা বুলি জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক-এম বাথা সন্দৰ্ভত বি ছাউৰাইগ্ৰাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details