অসম

assam

ETV Bharat / state

বাজপেয়ী ভৱনত সৰ্বানন্দ সোণোৱালক উষ্ম আদৰণি চৰকাৰ-দলৰ

জন আশীৰ্বাদ যাত্ৰাৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ শনিবাৰে অসমত উপস্থিত হোৱাৰ পিছতে বাজপেয়ী ভৱনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উস্ম আদৰণি জনালে ৰাজ্য চৰকাৰ তথা বিজেপিৰ কৰ্মী সকলে ৷

By

Published : Aug 21, 2021, 10:51 PM IST

sarbananda-sonowal-warmly-welcomed-at-vajpayee-bhawan
বাজপেয়ী ভৱনত সৰ্বানন্দ সোণোৱালক উষ্ম আদৰণি চৰকাৰ-দলৰ

গুৱাহাটী,21 আগষ্ট: কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে অসমলৈ অহা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক শনিবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত উষ্ম আদৰণি জনোৱা হয় ৷ জন আশীৰ্বাদ যাত্ৰাৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ শনিবাৰে অসমত উপস্থিত হোৱাৰ পিছতে বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি দলীয় নেতা-কৰ্মীসকলে সৰ্বানন্দ সোণোৱালক সম্ভাষণ জনায় ৷

অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ নৱনিৰ্বাচিত বিষয়ববীয়াৰে সোণোৱালৰ সৈতে পৰিচয় কৰাই দিয়া হয় ৷ ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়,"ৰাজ্যৰ 3.40 কোটি জনত‍াৰ আশীৰ্বাদ বিচাৰি এই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছো ৷ 130 কোটি জনতাৰ আশীৰ্বাদ বিচাৰি দেশজুৰি এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা পদক্ষেপক আজি বিশ্বই প্ৰশংসা কৰিছে ৷"

বাজপেয়ী ভৱনত সৰ্বানন্দ সোণোৱালক উষ্ম আদৰণি চৰকাৰ-দলৰ

অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, কেন্দ্ৰত উত্তৰ-পূৰ্ব‍াঞ্চলৰ পাঁচজনকৈ মন্ত্ৰী থকাটো উল্লেখযোগ্য কথা ৷ ইয়াৰে দুজন কেবিনেট মন্ত্রী। ৰাইজৰ আশীৰ্বাদ হৈছে কাম কৰাৰ প্ৰেৰণা আৰু সেই প্ৰেৰণা ল'বলৈ আহিছে সৰ্বানন্দ সোণোৱাল ৷ তেওঁক মোডী মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ দপ্তৰ দিয়া হৈছে ৷ অসমৰ ৰাইজে তেওঁৰ পৰা যথেষ্ট আশা কৰে ৷

ইয়াৰ লগতে জল পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত সোণোৱালে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আমি আশাবাদী বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে তেঁও কয়, পূৰ্বে কেন্দ্ৰীয় কেবিনেটত আমাৰ প্ৰতিনিধি নাছিল ৷ এতিয়া আমি পাইছো ৷ তেওঁ আমাৰ কথা কব পাৰিব ৷ ৰাজ্য চৰকাৰৰ এশ দিন পূৰ্তি উপলক্ষ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,ভূমি সম্পৰ্কীয় সমস্যাৰ সমাধানৰ বাবে সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

বাজপেয়ী ভৱনত সৰ্বানন্দ সোণোৱালক উষ্ম আদৰণি চৰকাৰ-দলৰ

অনুষ্ঠানত বিজেপিৰ অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বক্তব্য আগবঢ়ায় ৷ উল্লেখ যে,জি এছ ৰোডৰ বিজেপিৰ মহানগৰ সমিতিৰ কাৰ্যালয়ৰ পৰা বিশাল শোভাযাত্ৰা কৰি সোণোৱালে ৰাজ্যিক মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে বিপুলভাৱে আদৰণি জনোৱা হয় ৷

লগতে পঢ়কঃকেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

ABOUT THE AUTHOR

...view details