বকো,16 ফেব্ৰুৱাৰীঃআজি ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয়সমূহত উদযাপন কৰা হ’বসৰস্বতী পূজা ৷ সৰস্বতী পূজাৰ বাবে বিদ্যালয়, মহাবিদ্যালয়সমূহত চলিছে পূৰ্ণ প্ৰস্তুতি । কিন্তু কৰ’ণা মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ পূজা ভাগ সম্পন্ন কৰিব অধিকাংশ শিক্ষানুষ্ঠানে ৷ সেয়ে পূজা বুলি পূৰ্বৰ দৰে উচাহ পৰিলক্ষিত নহ’ল মৃৎ শিল্পীসকলৰ মাজত ৷ লক ডাউনে কোঙা কৰা এইসকল শিল্পীৰ অথনৈতিক অৱস্থা বৰ্তমান সুস্থিৰ নহয় । ক’ৰণা মহামাৰীয়ে সমগ্ৰ বিশ্বক স্তব্ধ কৰি তোলাৰ লগতে এই মৃৎ শিল্পীসকলৰ অৱস্থা সম্প্ৰতি বেয়ালৈ গতি কৰিছে ।
কৰ’ণাৰ বাবে ম্লান পৰিছে মৃৎ শিল্পীৰ উচাহ - saraswati puja preparation among terracotta artist assam etv bharat news
ক’ৰণা মহামাৰীৰ বাবে এইবাৰ বহু বিদ্যালয়, মহাবিদ্যালয়সমূহে সৰস্বতী পূজা অনুষ্টুপীয়াকৈ পালন কৰিব ৷ যাৰ বাবে মৃৎ শিল্পীসকলে প্ৰস্তুত কৰা মূৰ্তিসমূহৰ চাহিদা কম হোৱা দেখা গৈছে ৷
ক’ৰণাৰ বাবে ম্লান পৰিছে সৰস্বতী মূৰ্তি তৈয়াৰ কৰা মৃত শিল্পীৰ উল্লাস