দক্ষিণ কামৰূপ,24 আগষ্টঃমুকাভিনয়ৰ জড়িয়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসম সন্তান । মুকাভিনয়ৰ বাবে ভাৰত চৰকাৰৰ সংগীত,নাট-নৃত্য বিভাগৰ স্বতন্ত্ৰ সংস্থা সংগীত নাটক একাডেমীৰ "ওষ্টাদ বিচমিল্লাখান-২০১৮ যুৱ বঁটা "লাভ কৰে অসম সন্তান কুলদীপ পাটগিৰিয়ে ।
মুকাভিনয়ৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসম সন্তান - সংগীত নাটক একাডেমী
মুকাভিনয়ৰ বাবে ভাৰত চৰকাৰৰ সংগীত, নাট-নৃত্য বিভাগৰ স্বতন্ত্ৰ সংস্থা সংগীত নাটক একাডেমীৰ "ওষ্টাদ বিচমিল্লাখান-২০১৮ যুৱ বঁটা " লাভ কৰিছে অসম সন্তান কুলদীপ পাটগিৰিয়ে
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভুগোল বিজ্ঞান বিভাগৰ ছাত্ৰ কুলদীপ পাটগিৰিয়ে মুকাভিনয়ত দেখুওৱা পাৰদৰ্শিতাৰ বাবে মণিপুৰৰ 'জৱাহৰলাল নেহৰু মণিপুৰী ডান্স একাডেমী'ত অনুষ্ঠিত বিশেষ বঁটা অনুষ্ঠানত এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে মণিপুৰৰ ৰাজ্যপাল ড° নাজমা হেপতুল্লাই। উল্লেখ্য যে পাঠশালাৰ নিবাসী কুলদীপ পাটগিৰিয়ে হ'ল সাাধুকথাৰ ওপৰত মুকাভিনয় কৰা প্ৰথমজন মুকাভিনয় শিল্পী । মণিপুৰৰ পৰা বঁটা লাভ কৰি শনিবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে শুভকাংশী সকলে মণিপুৰলৈ যোৱা দলটোক বিমানবন্দৰত আদৰণি জনায় ।