অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় বনশ্বহীদ দিৱসৰ দিনাই ছয়গাঁৱত বন বিষয়াৰ গুণ্ডাৰাজ - ধন সংগ্ৰহ

ছয়গাঁৱত বন বিষয়াৰ আক্ৰমণত আহত বালি মাফিয়া ৷ চিণ্ডিকেটৰ অংক নিমিলাৰ বাবে বালি মাফিয়াৰ সৈতে সংঘাত বন বিষয়াৰ ৷ ছয়গাঁও আৰক্ষী থানাত গোচৰ ৰুজু বালি মাফিয়াৰ ৷

Sand Sumuglerrs Attack In Forest Officers
বনশ্বহীদ দিৱসৰ দিনাই ছয়গাঁৱত বন বিষয়াৰ গুণ্ডাৰাজ

By

Published : Sep 11, 2020, 10:34 PM IST

ছয়গাঁও, 11 ছেপ্তেম্বৰ : দক্ষিণ কামৰূপত একাংশ বন বিষয়াৰ সৈতে বালি মাফিয়াই মিলি বালিৰ চিণ্ডিকেট চলাই অহাৰ পিচত এইবাৰ অংক নিমিলাৰ বাবে বামুনীগাঁৱৰ ৰেঞ্জাৰ কুশল দাস বাহিনীয়ে ৰডেৰে কোবাই মূৰ ফালিলে ৰাজদ্বীপ দাস নামৰ এজন বালি মাফিয়াৰ ।

বনশ্বহীদ দিৱসৰ দিনাই ছয়গাঁৱত বন বিষয়াৰ গুণ্ডাৰাজ

উল্লেখযোগ্য যে,বালি মাফিয়া আৰু একাংশ বন বিষয়াই মিলি দীৰ্ঘদিন ধৰি চলাই আহিছে বালিৰ চিণ্ডিকেট । কিন্তু কেতিয়াবা কেতিয়াবা অংক নিমিলিলেই দুয়ো পক্ষৰ মাজত সৃষ্টি হয় সংঘাত । অভিযোগ অনুসৰি,কুশল দাস বাহিনীয়ে বালি মাফিয়াৰ পৰা মাহিলী ধন নোপোৱাৰ বাবেই বালি মাফিয়াৰ মূৰ ফালি সৃষ্টি কৰিলে সন্ত্রাসৰ ।

জানিব পৰা মতে,বৃহস্পতিবাৰে নিশা বালি মাফিয়া ৰাজদ্বীপ দাস ওৰফে বাবুৰ বালি ট্ৰাকৰ মাহিলী ধন আদায় নোপোৱাৰ বাবেই ৰাজপথৰ পৰা জব্দ কৰি বামুনীগাঁওস্থিত কাৰ্যালয়লৈ লৈ আহিছিল কুশল দাসে । পিছে পিছে ট্ৰাকৰ মালিক ৰাজদ্বীপ গৈ কাৰ্যালয় চৌহদত প্ৰৱেশ কৰাৰ পিচতে গেটৰ দুৱাৰ বন্ধ কৰি লৈ ৰেঞ্জাৰ কুশল দাস বাহিনীয়ে ৰড,কাঠৰ টুকুৰা,লাঠি আদিৰে উপৰ্যুপৰি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

পৰৱৰ্তী সময়ত বালি মাফিয়া ৰাজদ্বীপে উপায়ন্তৰ হৈ পলাই গৈ ৰেঞ্জাৰ কুশল দাস বাহিনীৰ বিৰুদ্ধে ছয়গাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে। ইফালে, ৰেঞ্জাৰ কুশল দাসে মাফিয়াগিৰি চলোৱােৰ পিচৰে পৰাই আত্মগোপন কৰি থকাৰ অভিযোগ উত্থাপন হৈছে ।

উল্লেখ্য যে,ৰেঞ্জাৰ কুশল দাসৰ বিৰুদ্ধে পূৰ্বৰ পৰাই আছে বিভিন্ন ধৰণৰ অভিযোগ ৷ বিভিন্ন ধৰণৰ অসৎ উপায় অৱলম্বন কৰি বিষয়া গৰাকীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আনকি,অসাধু চক্ৰৰ সৈতে গোপনে মিতিৰালি কৰি বিষয়া গৰাকীয়ে বন বিভাগৰ অধীনত বহুতো চিণ্ডিকেট চলাই থকাৰো অভিযোগ দীৰ্ঘদিনীয়া ৷

লগতে পঢ়ক : বকোত পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ

ABOUT THE AUTHOR

...view details