বকো, 11 ছেপ্তেম্বৰ:পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া-কৰ্মচাৰীৰ দলেৰে হোৱা সংঘাতত এজন বালি ব্যৱসায়ী আহত হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আহত বালি ব্যৱসায়ীজন বিজয়নগৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত তেজপুৰৰ ৰাজদ্বীপ দাস ওৰফে বাবু ।
জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা বন বিভাগৰ তহলদাৰী দল এটাই ছয়গাঁৱৰ গুমি পথত AS-01A-3985 নম্বৰৰ চালান বিহীন ভাৱে বালি কঢ়িওৱা ট্ৰাক এখন জব্দ কৰি বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়লৈ নিয়ে । পিচত পুৱতি নিশা প্ৰায় 3.30 বজাত ৰাজদ্বীপ দাসে গাড়ীখন মোকলোৱাৰ উদ্দেশ্যে বন কাৰ্যালয়টোত উপস্থিত হয় ।