বকো, 4 নৱেম্বৰ:দক্ষিণ কামৰূপত অবৈধভাৱে চলিছে বালিৰ ৰমৰমীয়া বেহা ৷পুনৰ পোহৰলৈ আহিছে দক্ষিণ কামৰূপত চলি থকা বালিৰ অবৈধ বেপাৰৰ কথা ৷ সোমবাৰে নিশা কামৰূপ জিলাৰ বকোৰ নাগোপাৰাত বনবিভাগে এখন বালি ভৰ্তি ট্ৰাক জব্দ কৰে ৷ নাগোপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত শিংৰা বনবিভাগে ট্ৰাক খন জব্দ কৰে ৷
বকোত বালি ভৰ্তি ট্ৰাক জব্দ - নাগোপাৰাত বনবিভাগে এখন বালি ভৰ্তি ট্ৰাক জব্দ কৰে
দক্ষিণ কামৰূপত বালিৰ অবৈধ বেপাৰ চলি থকাৰ অভিযোগ ৷ সোমবাৰে শিংৰা বন বিভাগৰ হাতত অবৈধভাৱে বালি কঢ়িয়াই নিয়া এখন বালি ভৰ্তি ট্ৰাক জব্দ হয় ৷ বকোৰ নাগোপাৰাত জব্দ হোৱা বাহনখন গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে হৈ আছিল ৷
বকোত বালি ভৰ্তি ট্ৰাক জব্দ
জানিব পৰা মতে বালি ভৰ্তি ট্ৰাক খন গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে বনবিভাগে জব্দ কৰি বকোলৈ লৈ যায় ৷ জব্দকৃত ট্ৰাক খন AS-04A-6782 নম্বৰৰ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই দক্ষিণ কামৰূপত প্ৰত্যেক দিনেই এনেদৰে বালিৰ অবৈধ বেহা চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷
লগতে পঢ়ক:ৰঙিয়াত ক’ভিড নিৰাময়ৰ কৰ্তব্যত নিয়োজিত চাফাই কৰ্মীৰ অৱস্থান ধৰ্মঘট