অসম

assam

ETV Bharat / state

অৰ্থ সংকটত সমবায় সমিতি, বকেয়া ধন মুকলি কৰি নিদিলে বন্ধ হ'ব চাউল বিতৰণ - পাইকাৰী গ্ৰাহক

লকডাউনৰ মাজতে সেৱাৰ মনোভাৱ ৰাখি সমিতি সমুহে কাম কৰি আছে যদিও এতিয়া আৰু বিতৰণ ব‍্যৱস্থা অব্যাহত ৰখাটো যথেষ্ট কঠিন হৈ পৰিছে বুলি অভিযোগ কৰিছে সমিতিসমূহে । এই সন্দৰ্ভত আলোচনা কৰিবলৈ শনিবাৰে ৰঙিয়া মহকুমা পাইকাৰী গ্ৰাহক সমবায় সমিতিৰ কাৰ্যালয়ত এক সভা অনুষ্ঠিত হৈ যায় ।

samabay-samiti-face-troubles-due-to-economic-crisis
অৰ্থ সংকটত সমবায় সমিতি, বকেয়া ধন মুকলি কৰি নিদিলে বন্ধ হ'ব চাউল বিতৰণ

By

Published : May 17, 2020, 4:12 PM IST

ৰঙিয়া, 17 মে' : দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ৰাইজক সুলভ মূল্যৰ চাউলৰ যোগান ধৰা সমবায় সমিতিসমূহ বৰ্তমান ভীষণ অৰ্থ সংকটত ভুগিব লগীয়া হৈছে । বিগত প্ৰায় এবছৰৰ পৰা এই সমিতিসমূহে পৰিৱহণৰ খৰচৰ লগতে কমিচনৰ ধন লাভ কৰা নাই বুলি অভিযোগ পোহৰলৈ আহিছে । যাৰফলত বেছিভাগ সমিতিয়ে ধন ধাৰলৈ লৈ সুদ ভৰি কৰ্মচাৰীৰ দৰমহা দিয়াৰ লগতে চাউল বিতৰণ কৰিব লগীয়া হৈছে । লকডাউনৰ মাজতে সেৱাৰ মনোভাৱ ৰাখি সমিতি সমুহে কাম কৰি আছে যদিও এতিয়া আৰু বিতৰণ ব‍্যৱস্থা অব্যাহত ৰখাটো যথেষ্ট কঠিন হৈ পৰিছে বুলি অভিযোগ কৰিছে সমিতিসমূহে ।

এই সন্দৰ্ভত আলোচনা কৰিবলৈ শনিবাৰে ৰঙিয়া মহকুমা পাইকাৰী গ্ৰাহক সমবায় সমিটিৰ কাৰ্যালয়ত এক সভা অনুষ্ঠিত হৈ যায় ।

ৰঙিয়া মহকুমাৰ সমবায় সমিতিৰ সভাপতি-সম্পাদক মণ্ডলীৰ সভাপতি নৰেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰঙিয়া মহকুমাৰ ৯ খন সমবায় সমিতিয়ে অংশগ্ৰহণ কৰে । যদিহে মে‘ মাহৰ ভিতৰত সমিতি সমূহৰ বকেয়া ধন চৰকাৰৰ তৰফৰ পৰা মুকলি কৰি দিয়া নহয়, তেতিয়াহলে অহা জুন মাহৰ পৰা সুলভ মুল‍্যৰ চাউল বিতৰণ বন্ধ কৰা হ'ব বুলি সৰ্বসন্মতিক্ৰমে সভাখনত সিদ্ধান্ত লোৱা হয় । এই বিষয়ে সমিতিৰ ফালৰ পৰা উপায়ুক্তক সাক্ষাৎ কৰি লিখিতভাৱে আবেদন জনোৱা হ‘ব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে সভাপতি নৰেন শৰ্মাই ।

অৰ্থ সংকটত সমবায় সমিতি, বকেয়া ধন মুকলি কৰি নিদিলে বন্ধ হ'ব চাউল বিতৰণ

উল্লেখ যে, সমগ্ৰ অসমতে সাতশতকৈ অধিক সমবায় সমিতিৰ লগতে চাৰিহাজাৰৰো অধিক সুলভমূল‍্যৰ দোকান আছে । এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত কেইবাহাজাৰ কৰ্মীয়ে অৰ্থৰ অভাৱত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বুলিও অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক : শোনিতপুৰত প্ৰথমজন কৰ'ণাত আক্ৰান্ত, ৰাজ্যত আক্ৰান্তৰ সংখ্যা 95

ABOUT THE AUTHOR

...view details