অসম

assam

ETV Bharat / state

ছয় গাঁও মহাবিদ্যালয়ত আজব ঘটনাঃ অধ্যক্ষই সোমাবলৈ নিদিলে পৰীক্ষা নিৰীক্ষকক - ছয় গাঁও মহাবিদ্যালয়ত আজব ঘটনা

ছয়গাঁও মহাবিদ্যালয়ত স্নাতক তৃতীয় ষাণ্মাষিকৰ পৰীক্ষাত নাই পৰীক্ষা নিৰীক্ষক ৷ মহাবিদ্যালয়খনত পৰীক্ষা নিৰীক্ষক নোহোৱাকৈয়ে অনুষ্ঠিত হ'ল পৰীক্ষা ৷ আব্দুচ চালামে মহাবিদ্যালয়ত পৰীক্ষাৰ সময়খিনি দিনটো কেণ্টিনত বহিয়েই ঘৰলৈ গুচি যাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ETV BHARAT
ছয় গাঁও মহাবিদ্যালয়ত আজব ঘটনাঃ অধ্যক্ষই সোমাবলৈ নিদিলে পৰীক্ষা নিৰীক্ষকক

By

Published : Nov 29, 2019, 9:23 PM IST

ছয়গাঁও, 29 নৱেম্বৰঃছয়গাঁও মহাবিদ্যালয়ত সংঘটিত হ'ল এক আজব ঘটনা ৷ গুৱাহাটী বিশ্ববিদ্যালয়ে ছয়গাঁও মহাবিদ্যালয়ত স্নাতক তৃতীয় ষাণ্মাষিক পৰীক্ষাৰ বাবে ছমৰীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আব্দুচ চালামক পৰীক্ষা নিৰীক্ষক হিচাপে নিযুক্তি দিছিল ৷ কিন্তু মহাবিদ্যালয়খনত চলি থকা পৰীক্ষা কেন্দ্ৰত অধ্যক্ষই প্ৰৱেশ কৰিবলৈ নিদিলে পৰীক্ষা নিৰীক্ষক আব্দুচ চালামক ৷

ছয় গাঁও মহাবিদ্যালয়ত আজব ঘটনাঃ অধ্যক্ষই সোমাবলৈ নিদিলে পৰীক্ষা নিৰীক্ষকক

বৰ্তমান চলি থকা স্নাতক তৃতীয় ষাণ্মাষিকৰ পৰীক্ষাৰ সময়তে ছয়গাঁও মহাবিদ্যালয়ত সংঘটিত হয় এক ঘটনা ৷ উল্লেখ্য যে,ছমৰীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আব্দুচ চালামক গুৱাহাটী বিশ্ববিদ্যালয়ে ছয়গাঁও মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষাণ্মাষিকৰ পৰীক্ষাৰ বাবে পৰীক্ষা নিৰীক্ষক হিচাপে নিযুক্তি দিছিল ৷ সেইমতে যোৱা ২২ নৱেম্বৰত ছয়গাঁও মহাবিদ্যালয়লৈ নিজৰ দায়িত্ব পালন কৰিবলৈ অহাৰ পিচত ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাজু বৰদলৈয়ে দুৰ্ব্যৱহাৰ কৰি তেওঁক মহাবিদ্যালয়ৰ পৰা উলিয়াই দিয়ে আৰু কোনোদিনে মহাবিদ্যালয়লৈ নাহিবলৈ ধমকি দিয়া বুলি গুৰুতৰ অভিযোগ তোলে ৷ কেৱল সেয়াই নহয় সন্মানীয় নিৰীক্ষক গৰাকীক মানসিকভাৱে আঘাত পোৱাকৈ বহু বেয়া ব্যৱহাৰ কৰে বুলি কয় আব্দুচ চালামে ৷ আনকি মহাবিদ্যালয়ৰ কোনো এটা কাৰ্যালয়তে বহিবলৈ দিয়া হোৱা নাছিল বুলিও আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে। কেৱল সেয়াই নহয়, বৰ্তমানলৈকে তেখেতক পৰীক্ষা কেন্দ্ৰত সোমাবলৈ দিয়া হোৱা নাই,যাৰ ফলত তেখেতে সদায়েই দায়িত্ব পালন কৰিবলৈ আহি পৰীক্ষাৰ সময়খিনি কেণ্টিনত বহিয়েই পাৰ কৰি আহিছে ৷
আনহাতে, ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজু বৰদলৈৰ এই দুৰ্ব্যৱহাৰৰ লগতে মহাবিদ্যালয়ৰ পৰীক্ষাত পৰীক্ষা নিৰীক্ষকৰ দায়িত্ব পালন কৰিবলৈ নিদিয়া সমস্ত বিষয়ত ২২ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকক লিখিতভাৱে জনায় ৷ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক বিষয়াই আব্দুচ চালামক নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি যাবলৈ নিৰ্দেশ দিয়ে ৷ সেইমতে আব্দুচ চালামে মহাবিদ্যালয়ত পৰীক্ষাৰ সময়খিনি দিনটো কেণ্টিনত বহিয়েই ঘৰলৈ গুচি যাব লগা পৰিস্থিতিৰ সৃষ্টি হয় ৷ উক্ত ঘটনাক লৈ অঞ্চলটোত সচেতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক - বিসংগতিয়ে লগ এৰা নাই গুৱাহাটী বিশ্ববিদ্যালয়ক

ABOUT THE AUTHOR

...view details