ৰঙিয়া, 11 অক্টোবৰ : কামৰূপ জিলাৰ ৰঙিয়াত পুনৰ সংঘটিত হৈছে বেংক হৰলুকিৰ ঘটনা ৷ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ পৰা কোনো দুষ্ট চক্ৰই লুটি নিলে নগদ 9 লাখ 13 হাজাৰ টকা৷ ইতিমধ্যে, ভুক্তভোগী পৰিয়ালৰ লোকে ৰঙিয়া আৰক্ষীত এজাহাৰ দাখিল কৰিছে; কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই ৰঙিয়া আৰক্ষীয়ে ৷
তথ্য অনুসৰি, বিগত এসপ্তাহৰ ভিতৰতে ৰঙিয়াৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৰেশ চন্দ্ৰ ডেকাৰ একাউন্টৰ পৰা লুটি নিলে 9 লাখ 13 হাজাৰ টকা ৷ বেংকৰ লগত লিংক থকা ম'বাইলৰ এয়াৰটেল চিমখন ব্লক হৈ থকাৰ সময়তে একাউণ্টৰ পৰা টকা হৰলুকি কৰাৰ ঘটনা পোহৰলৈ অহাৰ কথা অৱগত কৰিছে ভুক্তভোগী শিক্ষকে ৷ পৰৱৰ্তী সময়ত টকা উলিয়াবলৈ গৈ হতবাক ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৰেশ চন্দ্ৰ ডেকা আৰু তেওঁৰ পত্নী ।
লগতে পঢ়ক :অক্ষয় টেলি কমিউনিকেচনত চিআইডিৰ হাতোৰা