অসম

assam

ETV Bharat / state

শীঘ্ৰে ৰাজ্যৰ দুটাকৈ বিভাগত সংযোজিত হ'ব ৰবট আৰু ড্ৰোন - অগ্নিনিৰ্বাপক বাহিনী

ৰাজ্যবাসীলৈ সুখবৰ ৷ যি কোনো বিপদৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰবট আৰু ড্ৰোনেৰে সুসজ্জিত হ'ব অগ্নিনিৰ্বাপক বাহিনী আৰু আপাতকালীন সেৱা বিভাগ ৷ এই কথা ঘোষণা কৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷

শীঘ্ৰে ৰাজ্যৰ দুটাকৈ বিভাগত সংযোজিত হ'ব ৰবট আৰু ড্ৰোন

By

Published : Oct 18, 2019, 7:47 PM IST

Updated : Oct 18, 2019, 7:54 PM IST

উত্তৰ গুৱাহাটী,18 অক্টোবৰঃৰাজ্যৰ অগ্নি আৰু আপাতকালীন সেৱা বিভাগত সংযোজিত হ'ব ৰবট আৰু ড্ৰোন ৷ সম্ভাৱ্য বিপদৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰবট আৰু ড্ৰোনেৰে সু-সজ্জিত হ'ব অগ্নি নিৰ্বাপক বাহিনী আৰু আপাতকালীন সেৱা বিভাগ। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত অৱস্থিত অগ্নি আৰু আপাতকালীন সেৱা বিভাগৰ উত্তৰ পূবৰ একমাত্ৰ প্ৰশিক্ষণ কেন্দ্ৰৰ এটি নৱনিৰ্মিত গৃহ মুকলি কৰি এই মন্তব্য কৰে বিভাগটোৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই । দুৰ্গম অঞ্চল সমূহত যিকোনো আপদ বিপদ হ'লে বিভাগটোৱে অভিযান চলাবলৈ ৰবট আৰু ড্ৰোন অত্যন্ত সহায়ক হ'ব বুলিও মন্তব্য কৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান গৰাকীয়ে ।

অগ্নিনিৰ্বাপক বাহিনী আৰু আপাতকালীন সেৱা বিভাগত ৰবট আৰু ড্ৰোন
Last Updated : Oct 18, 2019, 7:54 PM IST

ABOUT THE AUTHOR

...view details