অসম

assam

By

Published : Nov 18, 2019, 10:27 AM IST

ETV Bharat / state

ৰঙিয়াত ব্যৱসায়ীক আক্ৰমণ কৰি ধন-লুট ডকাইতৰ

ৰঙিয়াৰ শান্তিপুৰত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ডকাইতি ৷ ডকাইতৰ আক্ৰমণত আহত দুজন লোক ৷

ৰঙিয়াত ব্যৱসায়ীক আক্ৰমণ কৰি ধন-লুট ডকাইতৰ

ৰঙিয়া, 18 নৱেম্বৰঃ ৰঙিয়াৰ শান্তিপুৰত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ডকাইতি ৷ চাৰিজনীয়া ডকাইতৰ দল এটাই হাতত চুৰি আৰু পিষ্টল লৈ ৰঙিয়া শান্তিপুৰৰ এম ডি ষ্টোৰৰ স্বত্তাধিকাৰী পংকজ দাস নামৰ লোকজনৰ ওপৰত আক্ৰমণ চলাই আঢ়ৈ লাখ টকা লুটি নিয়ে ৷ এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় পংকজ দাস ৷

ৰঙিয়াত ব্যৱসায়ীক আক্ৰমণ কৰি ধন-লুট ডকাইতৰ

আনহাতে ডকাইতৰ দলটোক বাধা দিবলৈ চেষ্টা কৰা ওচৰৰে মধু বনিয়া নামৰ যুৱকজনকো আক্ৰমণ কৰাত তেওঁ গুৰুতৰভাৱে আহত হয় ৷ বৰ্তমান দুয়োগৰাকী লোকেই চিকিৎসাধীন হৈ আছে ৷

আৰু পঢ়কঃ সন্ধান নাই ব্ৰহ্মপুত্ৰত নিখোজ হোৱা কিশোৰ সুমন সৰকাৰৰ

ABOUT THE AUTHOR

...view details