ৰঙিয়া,২৪ এপ্ৰিল: কামৰূপ জিলাৰ ৰঙিয়াত দিন দুপৰতে সংঘটিত এক চুৰি কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শনিবাৰে ৰঙিয়া ৰেলৱে ব্ৰিক ফিল্ড ক'লনিত এই চুৰিকাণ্ড সংঘটিত কৰি চোৰে গডৰেজ আৰু ড্ৰয়াৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে মাটিৰ নথি পত্ৰসহ AS ১৪ A ৮২৭৪ নম্বৰৰ পালচাৰ বাইক এখন, নগদ ধনকে ধৰি বহু মূল্যৱান সামগ্ৰী লৈ উধাও হয় ৷
ঘটনাৰ বিৱৰণী অনুসৰি, ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ৰেলৱেৰ অভিযান্ত্ৰিক বিভাগৰ কৰ্মচাৰী হৰেশ্বৰ বৰ্মনৰ আৱাসিক গৃহত চোৰে সংঘটিত কৰিলে এই চুৰিকাণ্ড । ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ অভিযান আৰম্ভ কৰে যদিও বৰ্তমানলৈকে চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷