ৰঙিয়া, 6 জানুৱাৰী:অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে প্ৰতিপল সষ্টম অসম আৰক্ষী ৷ আৰক্ষীয়ে অভিযান চলাই নিতৌ অপৰাধী কৰায়ত্ত কৰি অপৰাধক নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে যদিও এয়া সম্ভৱ হৈ উঠা নাই ৷ অপৰাধীয়েও ন ন কৌশল অৱলম্বন কৰি অপৰাধ সংঘটিত কৰি আহিছে ৷ সমান্তৰালকৈআৰক্ষীয়েও অধিক সষ্টম হৈ তীব্ৰতৰ কৰি তুলিছে অপৰাধৰ বিৰুদ্ধে অভিযান ৷ বিভিন্ন সময়ত আৰক্ষীয়ে অভিযানত সফলতা লাভ কৰিছে যদিও বহু সময়ত আকৌ বিফল হোৱাও দেখিবলৈ পোৱা যায় ৷
ইয়াৰ মাজতে বৃহস্পতিবাৰে কামৰূপ আৰক্ষীয়ে চলোৱা এক অভিযানততিনি দুৰ্ধৰ্ষ ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চোচাইটিত চিআৰপিএফৰ এটা দলক লৈ আৰক্ষীয়ে চলাইছিল এই অভিযান (Robbers arrested by Kamrup police) ৷
আৰক্ষী সূত্ৰে পোৱা তথ্য অনুসৰি, কামৰূপ জিলাৰ বিভিন্ন স্থানত ডকাইতি কৰি এক সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰিছিল ধৃত ডকাইতৰ দলটোৱে (3 Robbers arrested in Rangia)। ধৃত ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা ৭ পইন্ট ৬৫ এম এম পিষ্টল, ৮ জাই সজীৱ গুলি, দুখন চোকা অস্ত্ৰ (চুৰি) আৰু তিনিটা মোবাইল ফোন । এই সন্দৰ্ভত অধিক জানিবলৈ দি অভিযানকাৰী আৰক্ষীৰ দলটোৱে কয় যে, বৃহস্পতিবাৰে এক গোপন খবৰৰ ভিত্তিত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ স্বস্তি হস্পিটেলৰ সমীপত চলোৱা হৈছিল অভিযান ।
আৰক্ষীৰ এই অভিযানত সহযোগ কৰিছিল চিআৰপিএফৰ এটা দলেও । অভিযানকাৰী দলটোৱে বকো অভিমুখী AS 01 ES 6846 নম্বৰৰ ২২০ পালচাৰত অহা দুই আৰোহীক আবদ্ধ কৰি চলাইছিল তালাচী ৷ আৰক্ষীয়ে চলোৱা এই তালাচীত দুই বাইক আৰোহীৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল, ৮ জাই সজীৱ গুলি, দুখন চোকা অস্ত্ৰ (চুৰি) আৰু দুটা মোবাইল জব্দ কৰে ৷ লগতে জব্দ কৰে অপৰাধী দুটাই চলাই অহা পালচাৰ বাইকখনো । ইয়াৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাক্সাৰ হাৰিজোৰাৰ ফজল আলী আৰু বাবলী হুছেইন নামৰ এই দুই অপৰাধীক ।