অসম

assam

ETV Bharat / state

শুৱালকুছিত সংঘটিত ধাৰাবাহিক লুটপাতৰ ঘটনা - শুৱালকুছি আৰক্ষী

শুৱালকুছিত সংঘটিত হৈছে ধাৰাবাহিক লুটপাতৰ ঘটনা ৷ অঞ্চলটোৰ কৈৱৰ্তপাৰাৰ কৃষ্ণ মন্দিৰ,কেওঁটপাৰাৰ গোপালকৃষ্ণ সত্ৰ,বংশী গোপাল মন্দিৰ আৰু ৰাজঘাটৰ ভোলেবম মন্দিৰত চোৰে লুটপাত চলাই লৈ যায় সোণ-ৰূপৰ আ-অলংকাৰকে ধৰি নগদ ধন ৷

শুৱালকুছি
ধাৰাবাহিক লুটপাত

By

Published : Jan 21, 2020, 12:54 PM IST

শুৱালকুছি, 21 জানুৱাৰীঃশুৱালকুছিত সোমবাৰে নিশা সংঘটিত হয় চাৰিটাকৈ লুটপাতৰ ঘটনা ৷ অঞ্চলটোৰ কৈৱৰ্তপাৰাৰ কৃষ্ণ মন্দিৰ,কেওঁটপাৰাৰ গোপালকৃষ্ণ সত্ৰ,বংশী গোপাল মন্দিৰ আৰু ৰাজঘাটৰ ভোলেবম মন্দিৰত চোৰে লুটপাত চলাই লৈ যায় সোণ-ৰূপৰ আ-অলংকাৰকে ধৰি নগদ ধন ৷ পূৰ্বেও শুৱালকুছিত বিভিন্ন সময়ত সত্ৰ-নামঘৰকে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠান আদিত লুটপাতৰ ঘটনা সংঘটিত হৈছিল ৷ তদুপৰি অঞ্চলটোত প্ৰায়ে সংঘটিত হয় গৰু চুৰিৰ ঘটনা ৷

ধাৰাবাহিক লুটপাত

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে যদিও আজিকোপতি সফল হোৱা নাই ৷ নিশা আৰক্ষীয়ে সমগ্ৰ অঞ্চলত তহল দিয়ে যদিও আৰক্ষীৰ চকুত ধূলি মাৰি পলাবলৈ সক্ষম হয় চোৰ ৷ মুঠতে লুটপাত ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে শুৱালকুছি আৰক্ষী ৷

লগতে চাওকঃজীৱন সংগ্ৰাম সম্পৰ্কত মুখ খুলিলে প্ৰবীণ কুমাৰে

ABOUT THE AUTHOR

...view details