বকো,17 ডিচেম্বৰঃ ছয়গাঁও সমষ্টিৰ গাৰো জনজাতীয় অধ্যুষিত এখন গাঁও দোলেদোঙাত এচাম শিশু নামি পৰিছে পথ মেৰামতি কাৰ্যত। বৃহস্পতিবাৰে হাতত কোৰ,খন্তি আদি লৈ গাঁওখনৰ কণ কণ ল'ৰা ছোৱালীয়ে মেৰামতি কৰিছে পথছোৱাৰ।
ছয়গাঁৱৰ দোলেদোঙাত কণ কণ শিশু নামি পৰিছে পথ মেৰামতিত - ইংৰাজী নৱবৰ্ষক আদৰিবলৈ
ছয়গাঁৱৰ পৰা উকিয়াম গাৱঁলৈ যোৱাৰ পথত প্ৰায় ২০ কিলোমিটাৰ দূৰত অৱস্থিত এই দোলেদোঙা গাঁওখন । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু মোবাইলৰ নেটৱৰ্কে ঢুকি নোপোৱা এই গাঁও সমূহত কিন্তু এতিয়াও শেষ হৈ যোৱা নাই শিশুসকলে খেল ধেমালি কৰি থকা এক নান্দনিক পৰিৱেশ ।
![ছয়গাঁৱৰ দোলেদোঙাত কণ কণ শিশু নামি পৰিছে পথ মেৰামতিত ছয়গাঁৱৰ দোলেদোঙাত কণ কণ শিশু নামি পৰিছে পথ মেৰামতিত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9914058-723-9914058-1608214004870.jpg)
ছয়গাঁৱৰ দোলেদোঙাত কণ কণ শিশু নামি পৰিছে পথ মেৰামতিত
ছয়গাঁৱৰ দোলেদোঙাত কণ কণ শিশু নামি পৰিছে পথ মেৰামতিত
উল্লেখযোগ্য যে,সমাগত বৰদিন আৰু ইংৰাজী নৱবৰ্ষক আদৰিবলৈ কণ কণ ল'ৰা ছোৱালীবোৰে নিজৰ গাঁওখন সজাই তোলাত ব্যস্ত হৈ পৰিছে । ছয়গাঁৱৰ পৰা উকিয়াম গাঁৱলৈ যোৱাৰ পথত প্ৰায় ২০ কিলোমিটাৰ দূৰত অৱস্থিত এই দোলেদোঙা গাঁওখন । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু মোবাইলৰ নেটৱৰ্কে ঢুকি নোপোৱা এই গাঁওসমূহত কিন্তু এতিয়াও শেষ হৈ যোৱা নাই শিশুসকলে খেল ধেমালি কৰি থকা এক নান্দনিক পৰিৱেশ ।
লগতে পঢ়কঃ তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনত মৰিগাঁৱত 76% ভোটদান সম্পন্ন