ৰঙিয়া,৩ নৱেম্বৰ :কৃত্ৰিম বানৰ সমস্যাত ৰঙিয়াৰ এটা অঞ্চলৰ ৰাইজ (Artificial flood in Rangia)। কি বাৰিষা, কি খৰালি, বছৰৰ প্ৰতিটো সময়তে কৃত্ৰিম বানৰ সমস্যাৰ বাবে দুৰ্ভোগ ভুগি আহিছে অঞ্চলটোৰ ৰাইজে । কৃত্ৰিম বানৰ বাবে ৰঙিয়াৰ মাজমজিয়াৰ ৩ নং ৱাৰ্ডৰ ৰাইজে হাৰাশাস্তি ভুগিবলগীয়া হৈছে ।
ৱাৰ্ডটোৰ ৰঙিয়া সাহিত্য সভা পথটো বছৰৰ প্ৰতিটো সময়তে পানীৰ তলত ডুবি থাকে । এজাক বৰষুণতে পথটোত একাঠু পৰ্যন্ত পানী হয় (Artificial flood in Rangia ward no 3)। ফলস্বৰূপে পথ বা পদপথেৰে আহিব নোৱাৰে পথচাৰী । আনহাতে লেতেৰা, আৱৰ্জনাৰে ভৰা পানী গচকি বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু আন লোকসকলেও পথটো পাৰ হ'বলগীয়া হয় ।
বছৰৰ প্ৰতিটো সময়তে পানীত ডুবি থকা পথটো সম্প্ৰতি জহি-খহি গৈছে (Rangia road poor condition)। এই কৃত্ৰিম বানৰ বাবে ৰাইজে ৰঙিয়া পৌৰসভাক দোষাৰোপ কৰিছে । প্ৰতিবছৰে নলা-নৰ্দমা পৰিষ্কাৰ কৰাৰ দাবী কৰি আহিছে যদিও পৌৰসভাই সঠিকভাৱে কাম নকৰাৰ বাবেই নলাবোৰ নিষ্কাষণ নহয় । ফলস্বৰূপে আৱৰ্জনা ভৰ্তি নলাৰে পানী যাব নোৱাৰি পথত কৃত্ৰিম বানৰ সৃষ্টি কৰে (Public slams Rangia municipality)।