ৰঙিয়া,৮ জুলাই :শেহতীয়াকৈ বানপানীৰ ফলত অসমৰ কেইবাখনো জিলাৰ ৰাইজ যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে (Flood affects Assam)। বহু স্থানত বানে কালৰূপ ধাৰণ কৰিছিল । বানৰ কৱলত পৰি বহু স্থানৰ বাট-পথ একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে ।
বানৰ বিভীষিকা সম্প্ৰতি নাই যদিও এতিয়া ৰাইজৰ সন্মুখত আন এক সমস্যাৰ সৃষ্টি হৈছে । বিশেষকৈ যাতায়তৰ সমস্যা । বহু গুৰুত্বপূৰ্ণ পথৰ অংশ বানত ধ্বংস হৈ যোৱাৰ ফলত যাতায়তৰ ক্ষেত্ৰত চৰম যন্ত্ৰণা ভূগিছে সাধাৰণ ৰাইজে ।
তেনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে কামৰূপ জিলাৰ ৰঙিয়াৰ সাধাৰণ জনতা । বানৰ পাছত ৰঙিয়াৰ হাচানটুকত বিধ্বস্ত হৈছে যাতায়ত ব্যৱস্থা (Road conditions in Rangia after flood)। ৰঙিয়া-গোৰেশ্বৰ পথৰ হাচানটুক পথটো বানত ঠায়ে ঠায়ে ১০ ফুটৰ পৰা ৪০ ফুট পৰ্যন্ত ছিগি গৈছে । গুৰুত্বপূৰ্ণ পথটোৰ কেইবা ঠাইতো পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ।