কামৰূপ,9 ফেব্ৰুৱাৰী: দীৰ্ঘদিনীয়া দাবীৰ ভিত্তিত ঐতিহ্যমণ্ডিত ৰঙিয়াৰ দীপ্তেশ্বৰী দেৱালয়লৈ যোৱা পথটো অৱশেষত অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মাণ কৰা হ'ল ৷ দেৱালয়খনলৈ যোৱা পথটোৰ অৱস্থাই প্ৰায়ে দুৰ্ভোগ ভোগাই আহিছিল সাধাৰণ ভক্তপ্ৰাণ ৰাইজক ৷ দীপ্তেশ্বৰী দেৱালয়লৈ অহা ভক্তসকলে পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল ৷
দীপ্তেশ্বৰী দেৱালয়লৈ যোৱা পথ নিৰ্মাণ - Assam darshan Scheme
দীপ্তেশ্বৰী দেৱালয়লৈ যোৱা পথটোৰ অৱশেষত নিৰ্মাণ সম্পূৰ্ণ হ'ল ৷ অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মাণ কৰা হ'ল এই পথটো ৷ পথটো নিৰ্মাণত ব্যয় কৰা হৈছে ১ কোটি ১৯ লাখ টকা ৷
অসম দৰ্শন আঁচনিৰ অধীনত দীপ্তেশ্বৰী দেৱালয়লৈ যোৱা পথৰ নিৰ্মাণ
স্থানীয় লোকে সদৰী কৰা মতে ১ কোটি ১৯ লাখ টকা ব্যয় সাপেক্ষে অসম দৰ্শন আঁচনিৰ অধীনত ১১০০ মিটাৰৰ এই পথটোৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ পথটো নিৰ্মাণ কৰাত দৰ্শনাৰ্থীৰ লগতে স্থানীয় ৰাইজৰ বাবে যাতায়ত ব্যৱস্থা সূচল হৈ উঠিব । এই প্ৰসংগত সাংবাদিকৰ আগত সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়ক:নিজৰ ওপজা গাঁৱত আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে