ৰঙিয়া,১০ জুন:এটা পথৰ দুৰৱস্থাৰ বাবে যমৰ যাতনা ভুগিব লগীয়া হৈছে ৰঙিয়াৰ এটা অঞ্চলৰ লোকে (Bad condition of road in Rangia) । ৰঙিয়া হাইৱেৰ পৰা ৰঙিয়া কলেজৰ সন্মুখেৰে পাৰহৈ হাজোলৈ যোৱা পথচোৱাৰ বাবে এতিয়া বিপাঙত পৰিছে অঞ্চলবাসী । পথটোৰ ৰঙিয়া মহাবিদ্যালয়ৰ ওচৰৰ পথচোৱা মেৰামতি নোহোৱাৰ ফলত ব্যৱহাৰৰ অনুপযুক্ত হোৱাপ লগতে পথচোৱা একেবাৰে দ খাৱৈত পৰিণত হোৱাৰ ফলত সেই পথেৰে নিতৌ যাত্ৰা কৰা যাত্ৰী সকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে এইটো পথৰ দাঁতিতেই কেইটাও অনুষ্ঠানৰ লগতে আছে ৰঙিয়াৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান ৰঙিয়া মহাবিদ্যালয় আৰু ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয় । উক্ত পথটোৰে নিতৌ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চিকিৎসালয়লৈ বহু সংখ্যক ৰোগী অহা যোৱা কৰে । কিন্তু এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি হোৱা পথচোৱাৰে পাৰ হ'বলৈ হাজাৰবাৰ চিন্তা কৰিবলগীয়া হয় যাত্ৰী সকলে ।