অসম

assam

By

Published : Jun 8, 2020, 10:13 PM IST

ETV Bharat / state

বকোত পথ দুৰ্ঘটনাত নিহত এজন

সোমবাৰে সন্ধিয়াৰ ভাগত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় ৷ নিহত লোকজন বকোৰ নিচিমপুৰিৰ নিখিল ৰাভা বুলি জানিব পৰা গৈছে ৷

বকোত পথ দুৰ্ঘটনাত নিহত এজন
বকোত পথ দুৰ্ঘটনাত নিহত এজন

বকো, 8 জুন : বকোৰ আগছিয়াত সোমবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা । ছয়গাঁও অভিমুখী টাটা ডিআইক পিছফালৰ পৰা খুন্দা মাৰে এগৰাকী বাইক আৰোহীয়ে । টাটা ডিআইক খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই পৰি যোৱাৰ পিছতে বাইক আৰোহীক পিছফালৰ পৰা খুন্দা মাৰে এখন ডাম্পাৰে । ফলত ঘটনাস্থলীতে নিহত হয় বাইক আৰোহীজন ৷ নিহত বাইক আৰোহীজন বকোৰ নিচিমপুৰি নিখিল ৰাভা (৪০) বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা সংঘটিত কৰা পিছতে টাটা ডিআই আৰু ডাম্পাৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

ABOUT THE AUTHOR

...view details