অসম

assam

By

Published : Apr 15, 2021, 6:24 PM IST

ETV Bharat / state

আমিনগাঁৱত পথ দুৰ্ঘটনাত শিশুসহ আহত 6

আমিনগাঁৱৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ টাটা ডিয়াগো আৰু টাটা ডিআই বাহনৰ মাজত সংঘৰ্ষ ৷ দুৰ্ঘটনাত আহত শিশুসহ 6 গৰাকী লোক ৷

road accident in Amingaon, 6 ingured
আমিনগাঁৱত পথ দুৰ্ঘটনাত শিশুসহ আহত 6

বাইহাটা, 15 এপ্ৰিল: পহিলা বহাগৰ দিনটোতে আমিনগাঁৱৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ গুৱাহাটীৰ হাতীগাঁও ফালৰ পৰা আহি থকা AS 01 EM নম্বৰৰ টাটা ডিয়াগো বাহন আৰু বিপৰীত দিশৰ পৰা অহা AS 02 BC 0987 নম্বৰৰ এখন টাটা ডিআই বাহনৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ ৷

আমিনগাঁৱত পথ দুৰ্ঘটনাত শিশুসহ আহত 6

এই দুৰ্ঘটনাত টাটা ডিয়াগো বাহনখনত থকা এটি শিশু, এগৰাকী কিশোৰী, তিনিগৰাকী মহিলা আৰু এজন পুৰুষ গুৰুতৰ ভাৱে আহত হয় ৷ ইয়াৰে কণমানি শিশুটিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আটাইকেইজন আহত লোকক আমিনগাঁৱৰ নাৰায়না হাস্পতালত ভর্তি কৰোৱা হৈছে ৷
লগতে পঢ়ক: পহিলা ব'হাগৰ দিনাই পিতৃ-মাতৃৰ সমাধিস্থলীত মূৰ দোৱালে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details