অসম

assam

ETV Bharat / state

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত দক্ষিণ কামৰূপত নিহত দুই পথচাৰী - AS 25 EC 3412

মঙলবাৰে দক্ষিণ কামৰূপৰ উপৰহালীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী কয়লা ভৰ্তি ট্ৰাক এখন তীব্ৰ বেগেৰে অহাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাটোৰ ফলত দুজন পথচাৰী থিতাতে নিহত হয় ৷

উপৰহালী
পথচাৰী নিহত

By

Published : Jan 21, 2020, 2:03 PM IST

আজাৰা,21 জানুৱাৰীঃ দক্ষিণ কামৰূপৰ উপৰহালীত মঙলবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী কয়লা ভৰ্তি ট্ৰাক এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাটোৰ ফলত দুজন পথচাৰী থিতাতে নিহত হোৱাৰ লগতে আহত হয় দুজন । নিহত লোক দুজন হৈছে-মহেন্দ্ৰ নাথ আৰু চুৰথ জামাল ৷

পথচাৰী নিহত

আহত লোক দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ কয়লা ভৰ্তি ট্ৰাকখন তীব্ৰ বেগেৰে অহাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ নম্বৰ হৈছে AS-25EC-3412 ৷ দুৰ্ঘটনাটোৰ ফলত পথটোত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৷ কিন্তু ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ ততালিকে পথছোৱা মুকলি কৰি দিয়ে।

লগতে চাওকঃএছিয়া বুক অফ ৰেকৰ্ডছত স্থান লাভ বৰপথাৰৰ যুৱকৰ

ABOUT THE AUTHOR

...view details