ৰঙিয়া,11জুন: ৰঙিয়াৰ বনগাঁৱৰ 31 নং ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা ৷ গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে যোৱা AS-01DH-8102 নম্বৰৰ এখন মাৰুতি K10 গাড়ীয়ে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দিয়াই থৈ যায় এগৰাকী বাইক আৰোহীক । ঘটনাত গুৰুতৰভাৱে আহত হয় বাইহাটা চাৰিআলিৰ ছফিকুল আলী নামৰ লোকজন ৷ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই মাৰুতি সহ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও ৰাইজে পিছে পিছে খেদি গৈ কিছু নিলগত গাড়ীখন কৰায়ত্ব কৰিবলৈ সক্ষম হয়।
ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনাঃ এজনৰ অৱস্থা সংকটজনক
গুৱাহাটীৰ পৰা নলবাৰী অভিমুখী AS-01DH-8102 নম্বৰৰ এখন মাৰুতি K10 গাড়ীয়ে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দিয়াই থৈ যায় এগৰাকী বাইক আৰোহীক।
ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনা
আহত ছফিকুল আলীক সংকটজনক অৱস্থাত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ দুৰ্ঘটনাগ্ৰস্ত বাইক খনৰ নম্বৰ হৈছে AS-01-AD-8419 ৷
লগতে পঢ়কঃ গোলাঘাটত ব্যাপক হাৰত লুণ্ঠন বনজ সম্পদ