ৰঙিয়া,22 এপ্ৰিল: বুধবাৰে নিশা ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তিনিখন ট্ৰাক আৰু ডাম্পাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে এই পথ দুৰ্ঘটনা সংঘটিত হয় ৷
প্ৰথমে বিপৰীত দিশৰ পৰা এখন ট্ৰাক সৈতে অন্য এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয় । দুৰ্ঘটনাত পতিত হৈ থকা ট্ৰাকত আন এখন ডাম্পাৰে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ পাচতে ডাম্পাৰৰ ভিতৰত আবদ্ধ হৈ পৰে চালক ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে ট্ৰাক দুখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে ৷