অসম

assam

By

Published : Feb 4, 2021, 5:55 PM IST

ETV Bharat / state

বকোত ভয়ংকৰ পথ দুৰ্ঘটনা

বকোত পথ দুৰ্ঘটনাত কথমপি ৰক্ষা পৰিল যাত্ৰী আৰু চালক । বকোৰ শুকুনীয়াপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাতো সংঘটিত হয় ।

বকোত ভয়ংকৰ পথ দুৰ্ঘটনা
বকোত ভয়ংকৰ পথ দুৰ্ঘটনা

বকো, ৪ ফেব্ৰুৱাৰী: কামৰূপ জিলাৰ বকোত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ঘটনা অনুসৰি, গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এল্ট AS ১৮ D ০৯৪০ নম্বৰৰ এখন মাৰুতি এল্টই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত দ খাৱৈত বাগৰি পৰে । ফলত গুৰুত্বৰভাৱে আহত হয় যাত্ৰী আৰু চালক ।

বকোৰ শুকুনীয়াপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাতো সংঘটিত হয় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে বকো আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে । ইফালে ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে বকো আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত বাহনখনৰ চালক আৰু এগৰাকী মহিলা চিতল জৈনক উদ্ধাৰ কৰি ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ।

ইফালে বকো আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰি বকো আৰক্ষী থানালৈ লৈ আনে যায় । ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে ১ মাৰ্চত নিৰ্বাচন

ABOUT THE AUTHOR

...view details