অসম

assam

ETV Bharat / state

বকোত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন

পহিলা জানুৱাৰীত বকোৰ কেন্দুগুৰীত শোকাৱহ পথ দুৰ্ঘটনা ৷ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত নৈশ বাছ আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ ৷ থিতাতে নিহত হয় স্কুটী আৰোহীজন ৷

boko road accident
বকোত পথ দুৰ্ঘটনা

By

Published : Jan 2, 2021, 9:44 AM IST

বকো,2 জানুৱাৰী : বকোৰ কেন্দুগুৰীত পহিলা জানুৱাৰীৰ দিনাই সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখী এখন নৈশ বাছ (AS-01-FC-1540)ৰ সৈতে এখন স্কুটী (AS-25N-7248)ৰ মুখামুখি সংঘৰ্ষ হয় ৷

বকোত পথ দুৰ্ঘটনা

দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহী ৷ মৃত স্কুটী আৰোহীজন বকো মূগাখোল গাঁৱৰ ভক্তি বড়ো (30) বুলি জানিব পৰা গৈছে ৷ ঘটনা সংঘটিত হোৱাৰ পাচতেই ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু নৈশ বাছখন আৰক্ষী জিম্মালৈ লৈ যায় ।

উক্ত ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে শোকৰ ছাঁ । স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে, নৈশ বাছখনে ভুল দিশেৰে আহি স্কুটি আৰোহীক খুন্দা মাৰে ৷

লগতে পঢ়ক :আমগুৰিত শাৰিৰীক অনুশীলনত ব্যস্ত এদল যুৱক-যুৱতী

ABOUT THE AUTHOR

...view details