অসম

assam

By

Published : Dec 31, 2019, 7:19 PM IST

ETV Bharat / state

বকোত মটৰচাইকেলৰ আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ

বছৰৰ অন্তিমটো দিনত বকোত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ সংকটজনক অৱস্থা বাইক আৰোহীৰ ৷

বকোত মটৰচাইকেলৰ আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ
বকোত মটৰচাইকেলৰ আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ

বকো,31 ডিচেম্বৰ: বকোৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । AS-03Y-2587 নাম্বাৰৰ এখন বাজাজ পালচাৰ এন এছ বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় AS-01DS-4940মাৰুতি চুজুকি চিয়াজ গাড়ীখনৰ । ফলত দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হয় বাইক আৰোহীজন ।

দুৰ্ঘটনাগ্ৰস্ত মাৰুতি চুজুকি চিয়াজ

ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ বাইক আৰোহী জনক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও পিচত উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । আহত বাইক আৰোহীগৰাকী বকো সমষ্টিৰ হাহিমৰ ভাস্কৰ জ্যোতি ভড়ালী (২১) বুলি চিনাক্ত কৰিছে। আৰক্ষীয়ে জনোৱা মতে, যুৱকজনে বকোৰ পৰা 17নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ঘৰৰ অভিমুখে গৈ আছিল ।

বকোত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details