অসম

assam

ETV Bharat / state

নিকাহ নহ’ল; ফকৰুল-ৰুমিজাৰ জানাজা সম্পন্ন কৰিলে ৰাইজে

এক কৰুণ ঘটনা ৷ নিমিষতে হেৰাই গ’ল দুখন ঘৰৰ সপোন ৷ সদায় হাঁহি-ধেমালিৰে ৰজন-জনাই থকা ঘৰদুখনত এতিয়া কান্দোনৰ ৰোল ৷ কিন্তু কিয় ? সবিশেষ এই প্ৰতিবেদনত ৷

road accident at amingaon
ৰুমিজা-ফকৰুলৰ ঘৰত কান্দোনৰ ৰোল

By

Published : Aug 16, 2021, 9:15 PM IST

বাইহাটা,16 জানুৱাৰী : ব্যস্ততাৰ অন্ত নাই ৰুমিজা বেগম আৰু ফকৰুল ইছলামৰ ঘৰত ৷ ঘৰত কেৱল হাঁহি-ধেমালিয়ে ৰজন-জনাই আছে ৷ সকলো ব্যস্ত ৷ ব্যস্তই বা কিয় নহ’ব, কাৰণ অহা মাহত যে বিয়া ৰুমিজা বেগম আৰু ফকৰুল ইছলামৰ ৷ জা-যোগাৰো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত ৷ সকলো ঠিকেই আছিল ৷ সকলোৱে বাট চাই আছিল মাথো অহা মাহলৈ ৷

শৰাইঘাট দলঙত দুৰ্ঘটনা

কিন্তু হঠাৎ ৰুমিজা বেগম আৰু ফকৰুল ইছলামৰ জীৱনলৈ নামি আহিল কাল ধুমুহা ৷ কোনেও ভাবিব নোৱাৰা এটি ঘটনা ঘটিল ৰুমিজা বেগম আৰু ফকৰুল ইছলামৰ জীৱনত ৷ হেৰাই গ’ল দুয়োৰে সপোন ৷ নিমিষতে তচ-নচ হ’ল ৰুমিজা বেগম আৰু ফকৰুল ইছলামৰ সপোন ৷ নিয়তিৰ সোঁতত হেৰাই গ’ল দুটি জীৱন ৷

ঘটনা দেওবাৰৰ নিশাৰ ৷

দেওবাৰে নিশা আমিনগাঁৱৰ শৰাইঘাট দলঙত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । শৰাইঘাট দলঙৰ ৰেলিঙত খুন্দিয়াই ৫০ফুট তলত পৰি যায় এখন চুইফট বাহন । এই দুৰ্ঘটনা থিতাতে নিহত দুগৰাকী লোক ।

ছিপাঝাৰৰ মৰোৱাচুকীৰ পৰা গুৱাহাটী বিমানবন্দৰ অভিমুখে আহি আছিল দুৰ্ঘটনাগ্ৰস্ত চুইফট বাহনখন । দুৰ্ঘটনাত পতিত হোৱা চুইফট বাহনখনৰ নম্বৰ হৈছে AS 01 BF 0380 । এই দুৰ্ঘটনাটোত চূৰ্ণ-বিচূৰ্ণ হৈ যায় দুৰ্ঘটনাগ্ৰস্ত বাহনখন ।

ৰুমিজা আৰু নাই

লগতে পঢ়ক:ৰঙিয়াত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

সেই অভিশপ্ত বাহন খনত আন কোনো নাছিল ৷ আছিল ফকৰুল আৰু পাকিজা ৷ দুৰ্ঘটনাত থিতাতে নিহত হ’ল দুয়ো ৷

অহা মাহত বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল নিহত দুয়োগৰাকীৰে । নিশাৰ ভাগত সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনাই শোকস্তব্ধ কৰি তুলিছে ছিপাঝাৰৰ মৰোৱাচুকীবাসীক । ইতিমধ্যে দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এচ চি এইচলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:মাঞ্জা আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰ

ABOUT THE AUTHOR

...view details