অসম

assam

ETV Bharat / state

Mughal chapter controversy: চৰকাৰে শিক্ষা ব্যৱস্থাকো গেৰুৱাকৰণ কৰিছে; ৰিপুন বৰা - মোগলৰ অধ্যায় আঁতৰো

মোগল বিতৰ্কই জোকাৰিছে ৰাজ্য ৷ এনচিইআৰটি দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ পাঠ্যপুথিৰ পৰা মোগল দৰবাৰৰ বিষয়ে কিছু অংশ বাদ দিয়াৰ পিচতে বিৰোধী দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ বিজেপি চৰকাৰে শিক্ষা ব্যৱস্থাকো গেৰুৱাকৰণ কৰিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য ৰিপুন বৰাৰ (Ripun Bora on Mughal chapter controversy) ৷

Ripun Bora press meet on Mughal Chapter out of syllabus
চৰকাৰে শিক্ষা ব্যৱস্থাকো গেৰুৱাকৰণ কৰিছে - ৰিপুন বৰা

By

Published : Apr 5, 2023, 9:10 PM IST

চৰকাৰে শিক্ষা ব্যৱস্থাকো গেৰুৱাকৰণ কৰিছে - ৰিপুন বৰা

গুৱাহাটী, ৫ এপ্ৰিল: NCERT ৰ পাঠ্যক্ৰমত মোগল আতঁৰোৱাৰ পিচত শৈক্ষিক জগতৰ লগতে ৰাজনৈতিক মহলতো সৃষ্টি হৈছে বিতৰ্কৰ ৷ এনচিইআৰটি দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ পাঠ্যপুথিৰ পৰা মোগল দৰবাৰৰ বিষয়ে কিছু অংশ বাদ দিয়া হৈছিল (Mughal Chapter out of syllabus) ৷ এই বিষয়ত শাসকীয় চৰকাৰে যদিও ইয়াক পূৰ্ণ সমৰ্থন জনাইছে তাৰ বিপৰীতে বিৰোধীয়ে ইয়াৰ বিৰুদ্ধে ঘোৰ বিৰোধিতা কৰিছে ৷ বুধবাৰে জয়ানগৰস্থিত কাৰ্যালয়ত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এখন সংবাদমেল সম্বোধন কৰি NCERT ৰ এই সিদ্ধান্তক কটু সমালোচনা কৰে (Ripun Bora on Mughal chapter controversy) ৷

ৰিপুন বৰাই কয় যে, বিজেপি চৰকাৰে শিক্ষাকো গেৰুৱাকৰণ কৰিব বিচাৰিছে (Ripun Bora slams BJP)৷ বিজেপিয়ে চৰকাৰে সকলোতে সাম্প্ৰদায়িকতা সৃষ্টি কৰিব বিচাৰিছে ৷ পবিত্ৰ শিক্ষা ব্যৱস্থাটোকো এনেদৰে গেৰুৱাকৰণ কৰিব বিচৰাত আমি ইয়াক তীব্ৰভাৱে নিন্দা কৰিছো (Ripun Bora press meet) ৷ আমাৰ দেশখন এখন ধৰ্ম নিৰপেক্ষ দেশ ৷ এখন ধৰ্ম নিৰপেক্ষ এনেধৰণৰ বিভাজন তথা সাম্প্ৰদায়িক মনোভাৱ চৰকাৰে লয় তেনেহ’লে আমাৰ ভৱিষ্যত প্ৰজন্মক ওলোটা শিক্ষা দিব ৷

এখন ধৰ্ম নিৰপেক্ষ দেশত এই কথাই শোভা নাপায় ৷ ভৱিষ্যত প্ৰজন্মক সংবিধানৰ মূল ভেটি ধৰ্ম নিৰপেক্ষতাৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে চৰকাৰে ৷ আমাৰ দেশৰ প্ৰত্যেকজন নাগৰিকে, ভৱিষ্যত প্ৰজন্মই আমাৰ দেশৰ বুৰঞ্জীৰ বিষয়ে জনাটো উচিত ৷ মোগলৰ অধ্যায় বাদ দি ভাৰতবৰ্ষৰ ইতিহাস কেতিয়াও সম্পূৰ্ণ নহয় ৷

লগতে পঢ়ক:Mughals leave UP: উত্তৰ প্ৰদেশত দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা বাতিল মোগলৰ অধ্যায়

ইফালে এই সম্পৰ্কত NCERT কৰ্তৃপক্ষই স্পষ্টীকৰণ দিছিল যে ক’ভিডৰ সময়ত শিক্ষাৰ্থীসকলৰ ওপৰত পাঠ্যক্ৰমৰ চাপ পৰিছিল বাবেই মোগলৰ অধ্যায় আঁতৰোৱা হৈছে (Mughal rule left out from NCERT textbook)৷ NCERT কৰ্তৃপক্ষই দিয়া এই স্পষ্টীকৰণক অতি পুতৌজনক আৰু হাস্যকৰ বুলি মন্তব্য আগবঢ়াই সভাপতি ৰিপুন বৰাই ৷

লগতে সভাপতি গৰাকীয়ে প্ৰশ্ন কৰে যে, কেৱল মোগল সাম্ৰাজ্যৰ অধ্যায়েহে পাঠ্যক্ৰমৰ চাপ বৃদ্ধি কৰিছে নেকি শিক্ষাৰ্থীৰ ? লগতে এই সংবাদমেলখনতে বিধায়ক ৰূপজ্যোতি কুৰ্মীক উন্মাদ আখ্যা দিয়ে ৰিপুন বৰাই ৷

ABOUT THE AUTHOR

...view details