বাইহাটা,26জুনঃ এ আই ইউ এফ ৰ কান্ধত ধৰিয়ে ২১ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ৰণকৌশল কংগ্ৰেছ দলৰ। বিজেপি বিৰোধী সকলো দল সংগঠনক লগত লৈ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত প্ৰদান অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰাৰ।
বিজেপি বিৰোধী শক্তিৰে 21ৰ বিধান সভা নিৰ্বাচনত নামিব কংগ্ৰেছ - এ আই ইউ এফ ৰ সৈতে মিত্ৰতা হোৱাৰ পূৰ্ণ ইংগিত
কা বিৰোধী শক্তি সমূহৰ সৈতে একত্ৰিত হৈ বিজেপিক পৰাভূত কৰাৰ সংকল্প লৈছে বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷

কামৰূপ জিলাৰ কমলপুৰত দলীয় এক সভাত এ আই ইউ এফ ৰ সৈতে মিত্ৰতা হোৱাৰ পূৰ্ণ ইংগিত প্ৰদান কৰে সভাপতি গৰাকীয়ে। ’কা‘ বিৰোধী শক্তি সমূহৰ সৈতে একত্ৰিত হৈ বিজেপিক পৰাভূত কৰাৰ সংকল্প লৈছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে উল্লেখ কৰে। ইফালে অখিল গগৈক জেলত ভৰাই বিজেপি চৰকাৰে টোলগেট সমুহ মুকলি কৰি ৰাজ্যবাসীৰ মুৰত মাধমাৰ শোধোৱাৰ অভিযোগ কৰিছে ৰিপুণ বৰাই । আনহাতে ২৯ জুনত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত পেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্বিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা সভাপতি বৰাই । লগতে কংগ্ৰেছে দলে ৩০ জুলাইত বিজেপি আৰু মিত্ৰজোটৰ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে প্ৰস্তুত কৰিব অভিযোগনামা। বিজেপিয়ে কংগ্ৰেছৰ বাহিৰে কোনো শক্তিকে ভয় নকৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সভাপতি ৰিপুণ বৰাই ।
লগতে পঢ়কঃ কৃত্ৰিম বানৰ কবলত ধুবুৰীবাসী