গুৱাহাটী, 18 জুন : অৱধাৰিত ভাৱেই কংগ্ৰেছ দল আৰু বিধায়ক পদ শুকুৰবাৰে ত্যাগ কৰিলে চাৰিবাৰকৈ মৰিয়নী সমষ্টিৰ পৰা বিধায়ক হিচাপে জয়ী হৈ অহা ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi)। শুকুৰবাৰে বিধানসভা সচিবালয়ত উপস্থিত হৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়কৰ পদত্যাগ পত্ৰ দাখিল কৰে ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi) । তেওঁক সংগ দিয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা (Piyush Hazarika) আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাই (Jayantamalla Baruah) ।
ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰা আন একাংশ নেতাকো আজি ৰূপজ্যোতি কুৰ্মীৰ সৈতে দেখা যায় । আনহাতে, বিধায়ক পদ ত্যাগ কৰাৰ লগতে তেওঁ একে সময়তে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও ইস্তাফা দিয়ে । অধ্যক্ষৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি উঠি সংবাদ মাধ্যমৰ আগত বৰ্তমানৰ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীৰ্যক মন্তব্যৰে আক্ৰমনাত্মক হৈ পৰে ৰূপজ্যোতি কুৰ্মী ।