"বুল বুল কেন চিঙ"ৰ প্ৰচাৰৰ বাবে ছয়গাঁৱত বিশাল ৰেলী - বাইক ৰেলী
আজি ৰীমা দাসৰ "বুল বুল কেন চিং" ছবিখন মুক্তি পোৱাৰ পিছতেই ছয়গাঁৱত উলিওৱা হয় এক ৰেলী ৷ ৰেলীটোত চিনেমাখনৰ নিৰ্মাতাৰ লগতে উপস্থিত থাকে কলা-কুশলীসকল ৷
ছয়গাঁও,20 ছেপ্টেম্বৰঃশুকুৰবাৰে বুল বুল কেন চিং নামৰ চলচ্চিত্ৰখন মুক্তি পোৱাৰ পিছতেই ছয়গাঁৱত উলিওৱা হয় এক সাংস্কৃতিক সমদল ৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে উলিওৱা ৰেলীটোত চিনেমাখনৰ নিৰ্মাতা ৰীমা দাসৰ লগতে উপস্থিত থাকে কলা কুশলী সকল ৷ ৰজতকমল বঁটা লাভ কৰা চিনেমা বুল বুল কেন চিং মুক্তি লাভ কৰাৰ দিনাই ছবিখন প্ৰচাৰৰ বাবে ছয়গাঁৱত এক বিশাল বাইক ৰেলী উলিওৱা হয়। ছয়গাঁও মহাবিদ্যালয়ৰ উদ্যোগত উলিওৱা বাইক ৰেলীত মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ লগতে চিনেমা খনৰ নিৰ্মাতা ৰীমা দাস আৰু বুলবুল কেন চিঙৰ শিল্পী বৃন্দই অংশগ্ৰহণ কৰে। বাইক ৰেলীটোৱে ছয়গাঁৱৰ লগতে ৰাষ্ট্ৰীয় ঘাই পথেৰে বিভিন্ন স্থানত প্ৰচাৰ চলাই। ৰেলীত ছয়গাঁও শিল্পী সমাজ, ছয়গাঁও ছাত্ৰ সন্থাকে ধৰি কেবাটাও দল সংগঠনে সহযোগিতা আগবঢ়ায়।