অসম

assam

ETV Bharat / state

Man dies of electrocution: গীতানগৰত বিদ্যুৎপৃষ্ঠ হৈ ৰিক্সাচালকৰ মৃত্যু - গীতানগৰত বিদ্যুৎপৃষ্ঠ হৈ ৰিক্সাচালকৰ মৃত্যু

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে মহানগৰীত এজন লোকৰ মৃত্যু ৷ উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক আকোঁৱালি লয় এজন ৰিক্সাচালকে(Rickshaw driver dies due to electrocution) ।

rickshaw-driver-dies-due-to-electrocution-in-gitanagar
গীতানগৰত বিদ্যুৎপৃষ্ঠ হৈ ৰিক্সাচালকৰ মৃত্যু

By

Published : Feb 26, 2022, 6:43 PM IST

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী :বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে শুকুৰবাৰে নিশা উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় মহানগৰীৰ গীতানগৰ অঞ্চলত এজন লোকৰ(Rickshaw driver dies due to electrocution) । মৃত লোকজন ধুবুৰী গোলকগঞ্জৰ মদন ৰায় বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে । জানিব পৰা মতে, সন্ধিয়া হোৱা বতাহ-বৰষুণৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পথৰ ওপৰত পৰি থকাত বিদ্যুৎপৃষ্ট হৈ এই শোকৱহ ঘটনাটো সংঘটিত হয় ।

উল্লেখ্য যে, বিগত কেইবাবছৰ ধৰি গীতানগৰ আমাৰ পথত ভাড়াতীয় হিচাপে আছিল মদন ৰয় ৷ গুৱাহাটীত ৰিক্সা চলাই পৰিয়াল পোহপাল দিছিল লোকজনে । শুকুৰবাৰে নিশাও ৰিক্সা সামৰি বজাৰ কৰি ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই ঘটনা । স্থানীয় লোকে মদন ৰয়ক সংকটজনক অৱস্থাত ১০৮ যোগে জি এম চি এইছলৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । স্থানীয় লোকে জানিবলৈ দিয়া মতে নিশা বতাহ বৰষুণ অহাৰ পিছত পাহাৰীয়া অঞ্চলটোৰ বিদ্যুৎ সংযোগ বিছিন্ন নকৰাৰ বাবে এই ঘটনাটো সংঘটিত হয় ৷

লগতে পঢ়ক :Noonmati robbery case: আটক হ’ল টিংকু, স্বস্তিৰ নিশ্বাস এৰিছে মহানগৰবাসীয়ে

For All Latest Updates

ABOUT THE AUTHOR

...view details