ৰঙিয়া, 3 অক্টোবৰ : বেংকৰ এটিএম হাতত থকা অৱস্থাতে ৰঙিয়াত দুষ্ট চক্ৰই সৰকাই নিলে অৱসৰপ্ৰাপ্ত শিক্ষকৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধন ৷ ৰঙিয়াৰ লেচাকোনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক বচীৰ আলীয়ে নিৰাপদ স্থান হিছাপে ভাৰতীয় ষ্টেট বেংকত কষ্টোপাৰ্জিত সাঁচতীয়া ধনৰ লগতে জমা থৈছিল ঋণ লোৱা আঢ়ৈ লাখ টকা ৷ কিন্তু কোনো দুষ্ট চক্ৰই আলীৰ একাউন্টৰ পৰা টকাখিনি হৰলুকি কৰি নিয়াত এতিয়া শিক্ষক গৰাকী অসহায় হৈ এতিয়া ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে ৷
একাউন্ট হেক কৰি দুষ্ট চক্ৰই সৰকালে ৫ লাখ ৬৩ হাজাৰ - একাউন্ট হেক
ৰঙিয়াত দুষ্ট চক্ৰই হৰলুকি কৰিলে অৱসৰপ্ৰাপ্ত শিক্ষকৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধন ৷ ৰঙিয়াৰ লেচাকোনাৰ অৱসৰপ্ৰাপ্ত শিক্ষক বচীৰ আলীৰ অভিযোগ তেওঁৰ ভাৰতীয় ষ্টেট বেংকৰ একাউন্ট হেক কৰি কোনো দুষ্ট চক্ৰই ৫ লাখ ৬৩ হাজাৰ টকা সৰকাই নিছে ৷ বেংক কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ শিক্ষক গৰাকীৰ ৷
একাউন্ট হেক কৰি দুষ্ট চক্ৰই সৰকালে ৫ লাখ ৬৩ হাজাৰ
ভুক্তভোগী আলীৰ অভিযোগ বেংকৰ কৰ্মচাৰীয়ে ঋণ কৰি দিয়া সময়ত একাউণ্টটোত সংযোজিত হৈ থকা মোবাইল নম্বৰটো কৰ্তন কৰি বেংকৰ কৰ্মচাৰীৰ নিজৰ মোবাইল নম্বৰ সংলগ্ন কৰিছিল । ইয়াৰ পাছতে ঋণ লাভ কৰাৰ মাত্ৰ তিনিদিনৰ ভিতৰত 14 টা ট্ৰেনজেকচন কৰি টকা লুটি নিছে হেকাৰে ৷ ষ্টেট বেংকৰ গ্ৰাহক সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁ জনাই যে তেওঁৰ হাতত এটিএম কাৰ্ড থকা অৱস্থাতে দুষ্ট চক্ৰই এটিএম ব্যৱহাৰ কৰি, নেট বেংকিং কৰি আৰু অনলাইন বজাৰ কৰি ৰহস্যজনকভাৱে প্ৰায় 5 লাখ 63 হাজাৰ টকা লৈ গৈছে ৷