অসম

assam

ETV Bharat / state

নতুন পেঞ্চন আঁচনিৰ বাবে আহুকালত পৰিছে অসমৰ প্ৰায় পাঁচ হাজাৰ শিক্ষক - post approval

নতুন পেঞ্চন আঁচনিৰ বাবে আহুকালত পৰিছে অসমৰ প্ৰায় পাঁচ হাজাৰ শিক্ষক ৷ ২০১৩ চনত প্ৰদেশীকৃত বিদ্যালয় সমূহৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল এইসকল শিক্ষকে ৷ পেঞ্চনৰ নামত বৰ্তমান 700ৰ পাৰা 900 টকাহে লাভ কৰে শিক্ষকলকলে ৷ নতুন পেঞ্চন আঁচনিৰ সলনি পুৰণা পেঞ্চন আঁচনিত সামৰি লবলৈ আহ্বান ৷

retired-teacher-face-problem-due-to-pension-scheme
নতুন পেঞ্চন আঁচনিৰ বাবে আহুকালত পৰিছে অসমৰ প্ৰায় পাঁচহাজাৰ শিক্ষক

By

Published : May 26, 2021, 7:25 PM IST

ৰঙিয়া, 26 মে': সুদীৰ্ঘ 30-35 বছৰে শিক্ষকতা কৰাৰ পিছত এতিয়া নতুন পেঞ্চন আঁচনিৰ বাবে আহুকালত পৰিছে অসমৰ প্ৰায় পাঁচ হাজাৰ শিক্ষক । এই শিক্ষক সকল হৈছে ২০১৩ চনত প্ৰদেশীকৃত বিদ্যালয় সমূহৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক ।

এইসকল শিক্ষকে বৰ্তমান পেঞ্চনৰ নামত বৰ্তমান 700ৰ পাৰা 900 টকাহে লাভ কৰে । তেওঁলোকে মাহেকত লাভ কৰা ধনৰাশি হৈছে নতুন পেঞ্চন আঁচনিত চাকৰি কৰা সময়ত মাহেকত তেওঁলোকৰ দৰমহাৰ পৰা জমা কৰা ধনৰ এটা অংশৰ সুদহে মাত্ৰ । মূল্যবৃদ্ধিৰ এই দিনত মাত্ৰ 900 টকাৰে সংসাৰখন কেনেদৰে চলাব বুলি কৈ খেদ প্ৰকাশ কৰে শিক্ষক সকলে ।

নতুন পেঞ্চন আঁচনিৰ বাবে আহুকালত পৰিছে অসমৰ প্ৰায় পাঁচহাজাৰ শিক্ষক

ইয়াৰ উপৰিও যিহেতু তেওঁলোক চৰকাৰী চাকৰিয়াল গতিকে চৰকাৰৰ জনকল্যাণমুলক আ‍চঁনিসমুহৰো সুবিধা তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে । সুদীৰ্ঘ 30ৰ পৰা 35 বছৰ ধৰি মানৱ সম্পদ গঢ়াত জড়িত থকা এইসকল লোকে এতিয়া জীৱনৰ বিয়লি বেলাত সংসাৰ চলাবলৈ অপৰাগ ।

যদিও বিদ্যালয় সমূহৰ প্ৰাদেশিকীকৰণ ২০১৩ ত হৈছিল তথাপিও এইসকল শিক্ষকৰ বেছিভাগৰেই চাকৰি নিয়মীয়াকৰণ বহুবছৰ আগতেই হোৱা । গতিকে শিক্ষকসকলে নতুন চৰকাৰখনলৈ অনুৰোধ জনাইছে যে তেওঁলোকক নতুন পেঞ্চন আঁচনিৰ সলনি পুৰণা পেঞ্চন আঁচনিত সামৰি লওক ।

লগতে পঢ়ক :খুমটাইৰ ক’ভিড চেণ্টাৰ পৰিদৰ্শন বিধায়ক মৃণাল শইকীয়াৰ

ABOUT THE AUTHOR

...view details