অসম

assam

By

Published : Jun 19, 2020, 8:14 PM IST

ETV Bharat / state

COVID-19ত আক্ৰান্ত ৰঙিয়াৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক

COVID-19ত আক্ৰান্ত ৰঙিয়াৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ৷ শুকুৰবাৰে স্বাৱ পৰীক্ষাৰ ফলাফলত তেওঁৰ শৰীৰত COVID-19ৰ অৱস্থিতি ধৰা পৰাৰ পিচতে স্বাস্থ্য বিভাগৰ লোকে তেওঁক প্ৰেৰণ কৰে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ ৷

retied teacher tested covid-19 positive in rangia
retied teacher tested covid-19 positive in rangia

ৰঙিয়া, 19 জুনঃ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আক্ৰান্ত COVID-19ত ৷ আক্ৰান্ত শিক্ষক গৰাকীৰ নাম পৰেশ ডেকা বুলি জানিব পৰা গৈছে ৷ যোৱা 24 মাৰ্চত কলকাতাৰ পৰা ঘৰলৈ আহিছিল তেখেতৰ জীয়ৰী ৷ 28 দিন হোম কোৱাৰেণ্টাইনত থকাৰ পিচত তেওঁক COVID মুক্ত বুলি চিনাক্ত কৰিছিল স্বাস্থ্য বিভাগৰ লোকে ৷ তাৰ ইয়াৰ কিছুদিন পিচতেই গা বেয়া হোৱাত পৰেশ বৰুৱা যোৱা 13 জুনত স্বাস্থ্য পৰীক্ষাৰ বাবে ৰঙিয়াৰ স্বস্তি চিকিৎসালয়লৈ গৈছিল ৷

COVID-19ত আক্ৰান্ত ৰঙিয়াৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক

15 জুনত স্বাৱ সংগ্ৰহ কৰা হৈছিল শিক্ষকজনৰ ৷ শুকুৰবাৰে স্বাৱ পৰীক্ষাৰ ফলাফলত তেওঁৰ শৰীৰত ধৰা পৰে COVID-19ৰ অৱস্থিতি ৷ তাৰ পাচতেই তেওঁক দিনৰ প্ৰায় 2 বজাত স্বাস্থ্য বিভাগৰ লোকে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য আক্ৰান্ত লোকগৰাকীয়ে কেইবাদিনো বজাৰ-সমাৰ কৰিবলৈ যোৱাৰ বাবে এতিয়া অঞ্চলটোত গণ সংক্ৰমণৰ আশংকা কৰিছে স্থানীয় লোকে ৷ ইতিমধ্যেই প্ৰশাসনৰ লোকে সমগ্ৰ অঞ্চলটো ছীল কৰাৰ লগতে চেনিটাইজো কৰিছে ৷

লগতে পঢ়কঃগোলাঘাটত আৰম্ভ হৈছে নেকি ক'ৰণাৰ গণ সংক্ৰমণ !

ABOUT THE AUTHOR

...view details