ৰঙিয়া,১ অক্টোবৰ:ৰঙিয়া আঞ্চলিক ছাত্রসন্থাৰ এটা দলে শুক্ৰবাৰে ৰঙিয়াত মাণ্ডলিক ৰে'ল প্ৰবন্ধকক সাক্ষাৎ কৰি 12423/24 নম্বৰৰ ৰাজধানী এক্সপ্রেছখনখন দৈনিক ৰখোৱাৰ লগতে লকডাউনৰ সময়তে বন্ধ কৰি দিয়া স্থানীয় ৰে'লসমূহ পুনৰ চলোৱাৰ দাবী জনাই স্মাৰক পত্র প্ৰদান কৰে(Demanding movement of local trains) । স্মাৰক পত্র প্ৰদান কৰি সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ উপদেষ্টা হেমন্ত দাসে কয় যে ৰঙিয়াবাসী ৰাইজৰ লগতে ধেমাজি, লক্ষ্মীপুৰ, গোগামুখ, নলবাৰী, বৰপেটা, তামুলপুৰ আদিৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰো যাত্ৰীৰ ৰে'লৰ সংযোগস্থলী ৰঙিয়া ৰেল ষ্টেচন ।
এই ষ্টেচনৰ পৰা বিভিন্ন স্থানলৈ ৰে'লৰ জৰিয়তে অহা যোৱা কৰে ৷ দুৰ্ভাগ্যজনক যে এতিয়ালৈকে ৰঙিয়া ৰে'ল ষ্টেচনত ৰাজধানী এক্সপ্রেছ ৰে'লখন দৈনিক নৰখোৱাৰ ফলত যাত্রীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । অত্যাধিক ধন খৰছ কৰি যাত্রীসকলে ৰাজধানী এক্সপ্রেছৰ বাবে গুৱাহাটীলৈ যাবলগীয়া হয় । সেয়েহে যাত্রীসকলৰ সুবিধাৰ বাবে ৰঙিয়া ৰে'ল ষ্টেচনত ৰাজধানী এক্সপ্রেছ ৰখোৱাৰ বাবে ৰঙিয়া মাণ্ডলিক ৰে'ল প্ৰবন্ধকক স্মাৰক পত্র প্ৰদানৰ জৰিয়তে ছাত্র সন্থাই দাবী উত্থাপন কৰে ।