অসম

assam

ETV Bharat / state

আইআইটি গুৱাহাটীত কৰ’ণাৰ আতংক - আইআইটি গুৱাহাটী

আইআইটি গুৱাহাটীৰ সঞ্চালক টিজি চিঠাৰামনৰ অ-বিবেচকী কাণ্ডই আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে শিক্ষা প্ৰতিষ্ঠানখনত ৷ সঞ্চালক গৰাকীয়ে ভৰিৰে মোহাৰিছে কৰ'ণা সংক্ৰান্তীয় সকলো নীতি-নিয়ম ৷ এই অভিযোগ উত্থাপন শিক্ষানুষ্ঠানখনৰ প্ৰতিগৰাকীৰ সদস্যৰ ৷

remour covid 19 at IIT Guwahati kamrup assam etv bharat news
আইআইটি গুৱাহাটীত কৰ’ণাৰ আতংক

By

Published : Jun 12, 2020, 7:08 PM IST

আমিনগাঁও,12 জুন:দেশৰ আগশাৰীৰ প্ৰযুক্তিবিদ্যাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আইআইটি উত্তৰ গুৱাহাটীস্থিত চৌহদত বিৰাজ কৰিছে কৰ'ণাৰ আতংক ৷ শৈক্ষিক প্ৰতিষ্ঠানখনৰ সঞ্চালক টিজি চিঠাৰামনৰ অ-বিবেচকী কাণ্ডই আতংক সৃষ্টি কৰিছে সম্প্ৰতি চৌহদত ৷ চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰি সঞ্চালকগৰাকী চলিত সপ্তাহৰ মঙলবাৰে বেংগালুৰুৰ পৰা অসমলৈ আহে ৷ বহিঃৰাজ্যৰ পৰা অহা স্বত্বেও সঞ্চালকগৰাকী নাছিল কোৱাৰেণ্টাইনত ৷ তাৰ পৰিৱৰ্তে আইআইটি গুৱাহাটীৰ কেইবাখনো সভাত অংশগ্ৰহণ কৰে সঞ্চালকগৰাকীয়ে ৷

আইআইটি গুৱাহাটীত কৰ’ণাৰ আতংক

তদুপৰি ভাৰতীয় মানৱ সম্পদ মন্ত্ৰী ৰমেশ পোখৰিয়ালৰ সৈতে এক ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে শিক্ষানুষ্ঠানখনৰ ৰেংকিং প্ৰচাৰ সংক্ৰান্তীয় বিষয়ৰ সভাতো অন্যান্য অধ্যাপকসকলৰ সৈতে অংশ লৈছিল সঞ্চালক চিঠাৰামনে ৷ ফলত এতিয়া শিক্ষা প্ৰতিষ্ঠানখনত বিৰাজ কৰিছে আতংকই ৷ প্ৰায় তিনিমাহৰ অন্তত বেংগালুৰুৰ পৰা ৰাজ্যলৈ অহাৰ ২৪ ঘণ্টা সম্পূৰ্ণ নোহোৱাৰ পিছতো সতীৰ্থ অধ্যাপকৰ সৈতে অংশ লৈছিল বৈঠকত ৷ বৰ্তমান প্ৰতিষ্ঠানখনৰ প্ৰায় তিনি হাজাৰ আৱাসীৰ জীৱনক লৈ হেতালি খেলা সঞ্চালক গৰাকীৰ কাণ্ডজ্ঞানহীন কাৰ্যক গৰিহণা দিছে সচেতন মহলে ৷ লগতে বিষয় প্ৰসংগত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তক দাবী জনাইছে সচেতন মহলে ৷ ৰাইজৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ৷ উপায়ুক্ত গৰাকীয়ে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে আৰক্ষীক ৷

লগতে চাওকঃ১৭ বছৰেই পাগলাদিয়া নদীৰ ওপৰত নিৰ্মাণ নহ'ল দলংঃ ৰাইজৰ দুৰ্ভোগ

ABOUT THE AUTHOR

...view details