বকো, 4 জুন : কৰ’ণা মহামাৰী (Corona) য়ে চৌদিশে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তেই স্বাস্থ্যকৰ্মী, আৰক্ষী, সংবাদ কৰ্মীসকলে মহামাৰীৰ মাজতো সকলো সময়তেই ৰাইজৰ সেৱাত ব্ৰতী হৈ আহিছে ৷ ইয়াৰ মাজতে কৰ’ণা (Corona) প্ৰতিৰোধৰ যুঁজত সংবাদকৰ্মী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে বুধবাৰে বকোত উপস্থিত হয় ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ৷
সংবাদকৰ্মীৰ মাজত সাহাৰ্য বিতৰণ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ - Covid 19
বুধবাৰে ছয়গাঁৱৰ সংবাদকৰ্মী সকলৰ মাজত সাহাৰ্য বিতৰণ কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ কৰ’ণা প্ৰতিৰোধৰ যুঁজত সাংবাদকৰ্মী সকলক উৎসাহিত কৰাৰ বাবে বিধায়ক গৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰে ৷

সংবাদকৰ্মীৰ মাজত সাহাৰ্য বিতৰণ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ
সংবাদকৰ্মীৰ মাজত সাহাৰ্য বিতৰণ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ
বকো গড়কাপ্তানী বিভাগৰ (PWD) পৰিদৰ্শক বঙলাত উপস্থিত হৈ বিধায়কগৰাকীয়ে বকোৰ সংবাদকৰ্মীসকলক প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰাৰ লগতে কিছু আৰ্থিক অনুদান প্ৰদান কৰে । এনে স্পৰ্শকাতৰ সময়তো সংবাদকৰ্মীসকলে পালন কৰি অহা দায়িত্বক শলাগ লয় বিধায়ক গৰাকীয়ে । সংবাদ কৰ্মত নিয়োজিত লোকসকলক উৎসাহিত কৰাৰ বাবে বিধায়কগৰাকীক ধন্যবাদ জ্ঞাপন কৰে বকো প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰ লগতে সদস্য সকলে ৷