অসম

assam

ETV Bharat / state

10 দিন পূৰ্বে আত্মহত্যা কৰা যুৱকৰ টেবুলত উদ্ধাৰ চুইছাইড নোটঃ ৰঙিয়াত চাঞ্চল্য

যোৱা ২৬ এপ্ৰিলত আত্মহত্যা কৰা পাপু চক্ৰৱৰ্তী (২৯) নামৰ যুৱক জনৰ টেবুলত, ঘটনাৰ 10 দিন পিচত উদ্ধাৰ হোৱা দুখন চুইছাইড নোটক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰঙিয়াত ।

By

Published : May 6, 2020, 10:54 AM IST

recovered a suicide note from the youth committed suicide in rangia
recovered a suicide note from the youth committed suicide in rangia

ৰঙিয়া, 6 মে':ৰঙিয়াৰ স্পৰ্শ হাস্পতালৰ এগৰাকী ফাৰ্মাচীষ্টে চিপ লৈ আত্মহত্যা কৰাৰ পিচত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৰঙিয়াত । হাস্পতাল কৰ্তৃপক্ষৰ মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহত্যা কৰাৰ অভিযোগ মৃতকৰ পৰিয়ালৰ । মৃত যুৱকজন বাক্সা জিলাৰ নাগ্ৰীজুলীৰ পাপু চক্ৰৱৰ্তী (২৯) বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, মৃত যুৱকজনৰ কোঠাৰ পৰা উদ্ধাৰ হৈছে দুখনকৈ চুইছাইড নোট । জানিব পৰা মতে, চুইছাইড নোটত স্পষ্টভাৱে উল্লেখ আছে স্পৰ্শ হাস্পতালৰ চিকিৎসক ভৰত বৈশ্য আৰু দুগৰাকী মেনেজাৰৰ কথা ।

চুইছাইড নোট

চিকিৎসক ভৰত বৈশ্য আৰু দুগৰাকী মেনেজাৰৰ মানসিক নিৰ্যাতনৰ বলি হৈ পাপুয়ে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হ'ল বুলি উল্লেখ আছে চুইছাইড নোটত । যোৱা ২৬ এপ্ৰিলত সংঘটিত হৈছিল এই আত্মহত্যাৰ ঘটনা । আত্মহত্যাৰ ১০ দিন পিচত মঙলবাৰে আৰক্ষীয়ে পাপুৱে ব্যৱহাৰ কৰা টেবুলৰ পৰা উদ্ধাৰ কৰে চুইছাইড নোট দুখন ।

চুইছাইড নোট

আনহাতে চুইছাইড নোটত উল্লেখ আছে যে, স্পৰ্শ হাস্পতালৰ চিকিৎসক ভৰত বৈশ্যই কোনো আগজাননী নিদিয়াকৈ পাপুক চাকৰিৰ পৰা বহিষ্কাৰ কৰিছিল । যাৰ বাবে এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল পাপু । সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি পাপুৰ ভাতৃ প্ৰণৱ চক্ৰৱৰ্তীয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে । ইফালে স্পৰ্শ হাস্পতালৰ চিকিৎসক ভৰত বৈশ্যই অস্বীকাৰ কৰিছে পাপুৰ আত্মহত্যাত হাস্পতালৰ কোনো লোক জড়িত থকাৰ কথা । পাপুক চাকৰিৰ পৰা উলিয়াই দিয়া হোৱা নাছিল, লক্ ডাউনৰ বাবেহে কেইদিনমান আহিবলৈ মানা কৰা হৈছিল বুলি প্ৰকাশ কৰে চিকিৎসক গৰাকীয়ে । লগতে তেওঁ কয়, পাপুৰ মৃত্যুৰ সময়ত কোনো ধৰণৰ চুইছাইড নোট পোৱা নাছিল । কিন্তু এতিয়া ক'ৰ পৰা এই চুইছাইড নোট উদ্ধাৰ হ'ল তাক লৈ সন্দেহ প্ৰকাশ কৰিছে চিকিৎসক ভৰত বৈশ্যই ।

10 দিন পূৰ্বে আত্মহত্যা কৰা যুৱকৰ টেবুলত চুইছাইড নোট উদ্ধাৰক লৈ ৰঙিয়াত চাঞ্চল্য

লগতে পঢ়কঃগোৱালপাৰাত বজ্ৰ পৰি ছাত্ৰৰ মৃত্যু: মাতৃ অচেতন

ABOUT THE AUTHOR

...view details