গুৱাহাটী, ২৯ জুন :মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট (Maharashtra political crisis) এতিয়াও আঁতৰা নাই । বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ ৰাজ্যপালে (Maharshtra Governor) মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক (Chief Minister Udhav Thakre) বিধানসভাৰ মজিয়াত নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে আস্থা ভোটৰ আহ্বান জনাইছে । কিন্তু শিৱসেনাৰ বিসম্বাদী গোটৰ (Shivsena rebel MLAs) ৫০ জন বিধায়ক বিদ্ৰোহী নেতা একনাথ সিন্দেৰ (rebel leader Eknath Shinde) লগত এতিয়াও থকা বুলি দাবী জনাই আহিছে । তেনে পৰিস্থিতিত উদ্ধৱ থাকৰেই আস্থা ভোটত নিজৰ শক্তি কেনেদৰে প্ৰমাণ কৰে তাকে লৈ চৰ্চা চলিছে ৰাজনৈতিক মহলৰ মাজত । অৱশ্যে একনাথ সিন্দে বাহিনীয়ে এতিয়াও গুৱাহাটীতে বাহৰ পাতি আছে ।
তাৰ মাজতে আজি পুৱা কামাখ্যা (Kamakhya Temple) দৰ্শন কৰি মাৰ আশীৰ্বাদ ল'বলৈ যায় একনাথ সিন্দেসহ বিদ্ৰোহী বিধায়কৰ এটা দল । শক্তিপীঠ কামাখ্যা দেৱালয়ত মাৰ আশীৰ্বাদ লৈ পুনৰ ৰেডিশ্বন ব্লু লৈ (Hotel Radisson Blue) উভতিছে শিৱসেনাৰ বিসম্বাদী শিবিৰ । বুধবাৰে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেসহ চাৰিজন বিসম্বাদী বিধায়ক কামাখ্যা দৰ্শন কৰিবলৈ যায় । পুৱা ৭.৪৫ বজাত হোটেল ৰেডিশ্বন ব্লুৰ পৰা কামাখ্যালৈ বুলি ওলাই যায় তেওঁলোক । কামাখ্যা দৰ্শন কৰি তেওঁলোক পুনৰ ৰেডিশ্বন ব্লুলৈ উভতি আহে । ইয়াৰ পিছত পুনৰ একনাথ সিন্দেসহ বিসম্বাদী গোটৰ ৪৮ গৰাকী বিধায়ক দিনৰ প্ৰায় ১২ বজাত মা কামাখ্যা দেৱালয়লৈ যায় । তাৰ পিছত মা কামাখ্যা দৰ্শন কৰি পুনৰ তেওঁলোক হোটেললৈ উভতি আহে (rebel MLAs return to hotel visiting Kamakhya) । বিসম্বাদী বিধায়কসকল উভতি অহাৰ সময়ত ৰেডিশ্বন ব্লুৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় । প্ৰায় দুই শতাধিক আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তোলে ।