ৰঙিয়া, 26 অক্টোবৰ :ৰঙিয়াৰ জনগোষ্ঠীয় জাতীয় দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি অসমৰ নতুন ৰাজনৈতিক আঞ্চলিক দলসমূহৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে জনগোষ্ঠীয় জাতীয় দলৰ সম্পাদক গৌৰী শংকৰ শৰণীয়াই । তেওঁ কয়, অসমত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ গঠন কৰিছে যদিও তেওঁলোকে উজনি অসমতে ব্যস্ত ৷ নামনি অসমত তেওঁলোকে সাংগঠনিক ভেঁটি গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰা নাই ৷ গতিকে অসমৰ স্বাৰ্থত নতুন দল দুটাৰ ভূমিকা সন্দেহজনক বুলি কয় সংগঠনটোৰ সম্পাদক গৰাকীয়ে ৷
ইফালে , মূল্যবৃদ্ধি সন্দৰ্ভত গৌৰী শংকৰ শৰণীয়াই কয়, মূল্যবৃদ্ধিৰ ফলত সাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । কিন্তু চৰকাৰে তাৰ ওপৰত অলপো ভ্ৰূক্ষেপ কৰা নাই । হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি বিজেপি চৰকাৰে কেৱল ৰাজত্ব কৰিব বিচাৰিছে । জাত-পাতৰ ৰাজনীতি কৰাতকৈ সৰ্বসাধাৰণ ৰাইজে ব্যৱহাৰ কৰা সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত নজৰ দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাই গৌৰী শংকৰ শৰণীয়াই ৷