ৰঙিয়া, 13 নৱেম্বৰ :শেহতীয়াকৈ ভিন্ন কাৰ্যসূচীৰে ৰঙিয়া ভ্ৰমণলৈ আহিছিল বিটিআৰ প্ৰধান প্ৰমোদ বড়ো (BTR Chief Pramod Bodo) ৷ অন্যান্য বহু গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে বিটিআৰ (BTR)ত টেট শিক্ষক নিযুক্তি সন্দৰ্ভতো বড়োৱে মন্তব্য প্ৰকাশ কৰিছিল ৷ উল্লেখ্য যে, শেহতীয়াকৈ বিটিআৰৰ টেট পৰীক্ষাত নিৰ্বাচিত হোৱা শিক্ষকসকলৰ নিযুক্তি সম্প্ৰতি স্থগিত হৈ আছে ৷
এই সন্দৰ্ভত বিটিআৰ প্ৰধানগৰাকী (BTR Chief Pramod Bodo)ক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, এইসকল শিক্ষকক সংস্থাপন দিয়াৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰে আলোচনা অব্যাহত আছে ৷ বিষয়টো সন্দৰ্ভত কোনো মীমাংসা লাভ কৰাৰ পিছত পুনৰ বিশেষ সাক্ষাৎকাৰৰ ব্যৱস্থা গ্ৰহণ কৰি শিক্ষকসকলক নিযুক্তি প্ৰদান কৰা হ’ব ৷
বড়োৱে জানিবলৈ দিয়া অনুসৰি, প্ৰকৃততে চি টেট(C TET)ৰ প্ৰাৰ্থীসকলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছতে বিষয়টোত জটিলতা আহে ৷ আদালতে প্ৰদান কৰা নিৰ্দেশ অনুসৰিয়েই বৰ্তমান বিটিআৰৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে ৷ বিগত সাত বছৰৰ পৰা মাহেকত 8,000 টকাকৈ দৰমহা লৈ কাম কৰি থকা শিক্ষকসকলে বৰ্তমান বঞ্ছিত হৈ আছে প্ৰাপ্য লাভৰ পৰা ৷ সেই অনুসৰি, ১৪ মাহৰ পৰা দৰমহা লাভ কৰা নাই উক্ত শিক্ষকসকলে ৷