কামৰূপ, 18 চেপ্তেম্বৰঃ কামৰূপৰ বকোত চাঞ্চল্যকৰ ঘটনা । ধৰ্ষণৰ দৰে জঘন্য ঘটনাক ঘাপ দিবলৈ গৈ গাঁও সভাত বিচাৰ কৰা তিনি দেৱানীক গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে । বকো, ছমৰীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দেৱানী চাব্দাম হুছেইন, হবিবৰ ৰহমান আৰু আজিমুদ্দিনক । 16 চেপ্তেম্বৰত হবিবৰ ৰহমান আৰু আজিমুদ্দিন গ্ৰেপ্তাৰ কৰাৰ লগতে মঙলবাৰে গ্ৰেপ্তাৰ কৰে চাব্দাম হুছেইনক ।
বকোত ধৰ্ষণকাণ্ডৰ বিচাৰ কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ল দেৱানী! - ধৰ্ষণকাণ্ড
ভুক্তভোগী কিশোৰীগৰাকীক আৱদ্ধ কৰি ৰাখিছিল গাঁৱখনৰ এটা গৃহত । তাৰ পাচতে ধৰ্ষণকাণ্ড সন্দৰ্ভত গোপন সূত্ৰৰ ভিত্তিত সম্ভেদ লাভ কৰিছিল চাইল্ড ৱেলফেয়াৰ কমিটীয়ে ।
উল্লেখ্য যে, বকোৰ বটিয়ামাৰীত বিগত 18 জুলাইত সংঘটিত হৈছিল কিশোৰী ধৰ্ষণৰ দৰে জঘন্যকাণ্ড । সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ ধৰ্ষণকাণ্ডক গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন দেৱানীকেইজনৰ বিৰুদ্ধে । গাঁও সভা পাতি ধৰ্ষণকাৰীক টকাৰ বিনিময়ত দোষমুক্ত কৰাৰ চক্ৰান্ত কৰাৰ অভিযোগ চাব্দাম হুছেইন, হবিবৰ ৰহমান, আজিমুদ্দিনকে ধৰি একংশ দেৱানীৰ বিৰুদ্ধে । ভুক্তভোগী কিশোৰীগৰাকীক আৱদ্ধ কৰি ৰাখিছিল গাঁৱখনৰ এটা গৃহত । তাৰ পাচতে ধৰ্ষণকাণ্ড সন্দৰ্ভত গোপন সূত্ৰৰ ভিত্তিত সম্ভেদ লাভ কৰিছিল চাইল্ড ৱেলফেয়াৰ কমিটীয়ে । তাৰ পাচতে CWC আৰু বকো আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছিল ভুক্তভোগী কিশোৰীগৰাকীক । বকো থানাত ৮৫৪/১৯ নম্বৰত ৰুজু হৈছিল এক গোচৰ । গোচৰৰ ভিত্তিতে বকো, ছমৰীয়া আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত দেৱানী চাব্দাম হুছেইন, হবিবৰ ৰহমান আৰু আজিমুদ্দিনক ।
ইতিমধ্যে বকো আৰক্ষীয়ে জেল হাজোত লৈ প্ৰেৰণ কৰিছে অভিযুক্ত তিনি দেৱানীক । আনহাতে, বকোৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত চলি অহা দেৱানী প্ৰথা বন্ধ কৰা হ'ব বুলি মন্তব্য কৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ।