আজাৰা/দক্ষিণ কামৰূপ, 23 জানুৱাৰী :কংগ্ৰেছ নেতৃত্বত গঠন হোৱা মহাজোঁট আৰু কা' আন্দোলনৰ পটভূমিত গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক আগন্তক নিৰ্বাচনলৈ আদৰণি জনালে ৰাজ্যৰ ৰেচম মন্ত্ৰী ৰঞ্জিত দত্তয় ৷ শুকুৰবাৰে মন্ত্ৰীগৰাকীয়ে পলাশবাৰী সমষ্টিত উপস্থিত হৈ বাগান জাৰাপাটা খেল পথাৰত আয়োজন কৰা এক সভাত অংশ লৈ জিলাখনৰ ৰেচম পিয়ল কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৷ উক্ত সভাৰ পিচতেই ৰঞ্জিত দত্তই সাংবাদিকক সম্বোধন কৰে ৷
সাংবাদিকৰ প্ৰশ্ন উত্তৰত তেওঁ কয়, আগন্তক নিৰ্বাচনত মহাজোঁটৰ লগতে AJP আৰু ৰাইজৰ দলে বিজেপিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে ৷ ইয়াৰ বিপৰীতে বিজেপি মিত্ৰজোঁটে 100+ আসন লাভ কৰি 21 ত পুনৰ দিছপুৰ দখল কৰিব ৷ অসমৰ প্ৰায় সংখ্যক সমষ্টিতে বিজেপিৰ স্থিতি বহু পৰিমাণে শক্তিশালি বুলি মন্তব্য প্ৰকাশ কৰে ৰেচম মন্ত্ৰী ৰঞ্জিত দত্তয় ৷
ইয়াৰ সমান্তৰালভাৱে সাংবাদিকক সম্বোধন কৰি ৰঞ্জিত দত্তই এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক লক্ষ্য কৰি মন্তব্য প্ৰকাশ কাৰ দেখা যায় ৷ পোনচাতেই বদৰুদ্দিনক সাম্প্ৰদায়িক আখ্যা দিয়ে ৰঞ্জিত দত্তই ৷ বিজেপিৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰা আজমলৰ বিৰুদ্ধে ওলাই আহিবলৈ অসমৰ ৰাইজক লগতে বুদ্ধিজীৱি সকলোকও ৰঞ্জিত দত্তই আহ্বান জনায় ।
বিজেপিয়ে সাম্প্ৰদায়িক কৰা নাই, সাম্প্ৰদায়িক মন্তব্যৰে বিভাজনৰ ৰাজনীতি আজমলেহে কৰিছে ৷ আজমলে কৈছে বিজেপি আহিলে মজিদ বিলাক ভাঙি দিব, আজান দিব নোৱাৰিব ৷ এই মন্তব্যই প্ৰমাণ কৰে যে বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক মন্তব্যৰে বিভাজন ৰাজনীতিৰ আশ্ৰয় লৈছে ৷ ৰঞ্জিত দত্তই কয় ৷